Breaking

হোজাইৰ ডবকা সংৰক্ষিত বনাঞ্চলত অবাধে চলিছে বন ধ্বংসলীলা ৷ নিৰ্বিকাৰ বন বিভাগ

0 1,339

ডবকা, ২৮ আগষ্ট : ডবকা সংৰক্ষিত বনাঞ্চল চলিছে অবাধে বন ধ্বংসলীলা কাৰ্য্য ৷ যোৱানিশা সংৰক্ষিত বনাঞ্চলখনত দুৰ্বৃ্ত্তই সাতজোপাকৈ মূল্যবান চেগুন গছ কাটি ধ্বংস প্ৰাপ্ত চলোৱাত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ যোৱা এসপ্তাহ ধৰি সংৰক্ষিত বনাঞ্চল খনৰ বিভিন্ন এলেকাৰ পৰা দুৰ্বৃত্তই কাটি নিছে প্ৰায় ত্ৰিছ জোপাকৈ মহামূল্যবান শাল আৰু চেগুন গছ ৷ এই ক্ষেত্ৰত নিৰ্বিকাৰ বন বিভাগৰ বিষয়া কৰ্মচাৰী সকল ৷ এনেদৰে যদি বন ধ্বংসকাৰ্য্য চলি থাকে তেনেহলে সেউজ বনাঞ্চল টকলা হবলৈ বেছি সময় নালাগিব বুলি অভিযোগ কৰিছে সচেতন লোকে ৷ স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি ডবকা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ একাংশ বন কৰ্মীৰ চত্ৰ ছায়াতেই এনেদৰে মূল্যবান গছসমূহ দুৰ্বৃত্তই কাটি লৈ গৈছে ৷ ইমান দিন ধৰি বনাঞ্চল খনৰ পৰা মূল্যবান গছ সমূহ কাটি নিছে যদিওঁ বন বিভাগে এজনো দুষ্কৃতিকীৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ আন এক অভিযোগ অনুসৰি ডবকা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ একাংশ বন কৰ্মীৰ মাজত চলি থকা অৰিয়ায়ৰিৰ বাবেই এনেদৰে দুষ্কৃতিকাৰী সকলে মূল্যবান গছ সমূহ এনেদৰে কাটি লৈ গৈছে ৷ ডবকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত একাংশ বিট অফিচাৰ, বন কৰ্মী, বন সুৰক্ষা কৰ্মচাৰী বিগত বহু বছৰৰ পৰা কৰ্মৰত হৈ আছে, উক্ত কৰ্মচাৰী সকলৰ সৈতে বন মাফিয়া সকলৰ মধুৰ সম্পৰ্ক থকাৰ বাবেই বনাঞ্চল ধ্বংস লীলা অব্যাহত ৰাখিছে বুলি অভিযোগ উঠিছে। এই বন ধ্বংসলীলা বন্ধ কৰিবলৈ চৰকাৰ তথা বন বিভাগক স্থানীয় ৰাইজে আহবান জনায় ৷

Leave A Reply