Breaking

আগ্ছু হৰিশিঙা আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা সম্পন্ন

0 2,025

সদৌ অসম গোৰ্খা ছাত্র সন্থা (আগ্ছু)  ওদালগুৰি জিলা সমিতিৰ হৰিশিঙা আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা যোৱা ৩ অক্টোবৰ তাৰিখে সাতঘৰীয়া প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত আঞ্চলিক সমিতিৰ সভাপতি ইন্দ্ৰ প্ৰধানৰ সভাপতিত্বত সম্পন্ন হৈ যায়। আঞ্চলিক সমিতিৰ সহ সম্পাদক দীপক বিশ্বকৰ্মাই সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰাৰ পিছত সাধাৰণ সম্পাদক সাজন মিশ্ৰই বছৰেকীয়া প্ৰতিবেদন পাঠ কৰে। প্ৰতিনিধি সভাৰ আগে আগে  লিচিং আৰু সাতঘৰীয়া শাখা সমিতিৰ সদস্য/সদস্যা সকলক শপতগ্ৰহণ কৰায় ওদালগুৰি জিলা সমিতিৰ সাংগঠনিক সম্পাদক নবীন চন্দ্ৰ দাহালে। প্ৰতিনিধি সভাত ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক সঞ্জীৱ খতিওড়া,সহ সম্পাদক কিশোৰ কাশ্যপ পৰ্য্যবেক্ষক হিছাপে উপস্থিত থাকি প্ৰতিনিধি সভা পৰিচালনা কৰে। প্ৰতিনিধি সভাত অহা দুবৰৰ বাবে নবীন চন্দ্ৰ দাহালক সভাপতি, নাৰায়ণ প্ৰধান, মনোজ ঘিমিৰে আৰু সাজন মিশ্ৰক উপ সভাপতি, দীপক বিশ্বকৰ্মাক সাধাৰণ সম্পাদক, বিনোদ দাহাল, মনোজ থাপা আৰু টীকামায়া মগৰক সহ সম্পাদক হিছাপে লৈ মুঠ একত্ৰিশ জনীয়া সমিতি পুনৰ গঠন হয়। উক্ত প্ৰতিনিধি সভাত আগ্ছু ওদালগুৰি জিলা সমিতিৰ উপদেষ্টা মনোজ হাং ৰাই, আগ্ছু কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সদস্য অৰ্জুন ঘিমিৰে, অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ উপ সভাপতি দেৱৰাজ নেউপানে, হৰিশিঙা আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি মনোজ ৰাই, স্থানীয় সমাজ সেৱকৰ লগতে বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত হৰিশিঙা আঞ্চলিক আগ্ছুৰ প্ৰতিনিধি সভা সফলতাৰে সম্পন্ন হয় বুলি সংগঠনটোবে এক প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে ৷

Leave A Reply