Breaking

জে এন ইউৰ ৰাষ্ট্ৰদ্ৰোহ গোচৰত কানহায়া কুমাৰসহ অন্য ৯ জনলৈ দিল্লী আদালতৰ চমন জাৰি

0 2,051

২০১৬ চনৰ ৯ ফেব্ৰুৱাৰীত জেএনইউৰ চৌহদত মাৰ্ক্সিষ্ট ছাত্ৰ নেতা কানহায়া কুমাৰৰ নেতৃত্বত উলিওৱা এটা ছাত্ৰ সমদলে দেশ বিৰোধী শ্লোগান দিয়াৰ লগতে সংসদ ভৱন আক্ৰমণকাৰী আফজল গুৰুৰ সমৰ্থনত শ্লোগান দিয়াৰ অভিযোগ উত্থাপন কৰিছিল দিল্লী আৰক্ষীয়ে।

সেই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে দাখিল কৰা চাৰ্জশ্বীটৰ ভিত্তিত দিল্লীৰ এখন আদালতে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(জেএনইউ)ৰ ৰাষ্ট্ৰদ্ৰোহ কাণ্ড গোচৰত কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া(মাৰ্ক্সিষ্ট)ৰ নেতা কানহায়া কুমাৰসহ আৰু অন্য ৯জনলৈ চমন জাৰি কৰিছে ।

সোমবাৰে দিল্লীৰ মুখ্য মেট্ৰ’পলিটান দণ্ডাধীশ পংকজ শৰ্মাই সমগ্ৰ বিষয়টো অধ্যয়ন কৰাৰ পিছত অহা ১৫ মাৰ্চত শুনানিৰ বাবে অভিযুক্তসকললৈ চমন জাৰি কৰে।

উল্লেখ্য যে, দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কানহায়া কুমাৰসহ কেবাজনো সতীৰ্থক পূৰ্বতে গ্ৰেপ্তাৰ কৰি তিহাৰ জে’ললৈ নিক্ষেপ কৰিছিল ।

২০১৯ চনত দিল্লী আৰক্ষীয়ে আদালতত দাখিল কৰাৰ অভিযোগ পত্ৰত কোৱা হৈছিল কানহায়া কুমাৰৰ নেতৃত্বত বিশ্ববিদ্যালয়ৰ চৌহদত উলিওৱা উক্ত সমদলটোত জেএনইউৰ ছাত্ৰ ওমৰ খালিদ আৰু অনিবাৰ্ণ ভট্টাচাৰ্যকে ধৰি কিছু শিক্ষাৰ্থীয়ে দেশ বিৰোধী শ্লোগান দিয়াৰ প্ৰমাণ আছে।

১২০০ পৃষ্ঠাৰ উক্ত অভিযোগ পত্ৰতে আৰু কোৱা হৈছিল যে দেশ বিৰোধী শ্লোগান দিয়া শিক্ষাৰ্থী সমদলটোক কানহায়া কুমাৰে নেতৃত্ব দিয়া প্ৰমাণ ভিডিঅ’ ফুটেজত স্পষ্টভাৱে পোৱা গৈছিল।

Leave A Reply