Breaking

দিল্লীত বিশ্বৰ সকলোতকৈ ডাঙৰ ক’ৰোনা চিকিৎসালয় ।

0 1,081

দৈনন্দিন বাৰ্তা ডেস্ক :

বিশ্বৰ সকলোতকৈ ডাঙৰ ক’ৰোনা চিকিৎসালয়খন দেশৰ ৰাজধানী দিল্লীত গঢ়ি তোলা হৈছে ৷ এই চিকিৎসালয়খন দীঘলে ১৭০০ ফুট, বহলে ৭০০ ফুট। প্রায় ২০খন ফুটবল ষ্টেডিয়ামৰ সমান। মাত্ৰ ১২ দিনত এখন চাদৰ তলত ১০ হাজাৰ বিচনাৰে সাজু কৰে প্ৰতিৰক্ষা সংক্ৰান্তীয় গৱেষণাৰ চৰকাৰী প্ৰতিষ্ঠান ডিআৰডিঅ’ অৰ্থাৎ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অ’ৰ্গেনাইজেচনে৷ ৰাজধানী দিল্লীত বিশ্বৰ সকলোতকৈ ডাঙৰ ক’ৰোনা চিকিৎসালয়- চৰ্ডাৰ পেটেল ক’ভিড কেয়াৰ চেণ্টাৰ এণ্ড হাস্পতাল ৷ দিল্লীৰ লেফটেনেণ্ট গবৰ্ণৰ অনিল বৈজালে দেওবাৰে এই চিকিৎসালয়খন আৰম্ভ কৰে ৷ চিকিৎসালয়খন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পৰিদৰ্শন কৰে ৷ দক্ষিণ দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰৰ কাষৰ ভূমিত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত অস্থায়ীভাৱে এই চিকিৎসালয়খন গঢ়ি তোলা হৈছে ৷ ইয়াত ৫০খন বিচনাৰে মুঠ ২০০ খনকৈ বেলেগে বেলেগে ৰখা হৈছে ৷ ইয়াত মুঠ ১০ হাজাৰ বিচনা আছে৷ তাৰ মাজতে ২৫০ টা আইচিইউৰ ব্যৱস্থা আছে ৷ আনহাতে ১০ শতাংশ অৰ্থাৎ ১০০০ বিচনাত অক্সিজেন দিব পৰা যাব ৰোগীক৷ চিকিৎসালয়খনত দিল্লী আৰু নেচনেল কেপিটেল ৰিজিৱন (এনচিআৰ)ৰ বাসিন্দাসকলে পৰিসেৱা পাব ৷ এই কথা দিল্লীৰ লেফটেনেণ্ট গবৰ্ণৰ অনিল বৈজালে জনায় কয় যে চিকিৎসক, নাৰ্চৰ লগতে মানসিকভাৱে ভাঙি পৰা ক’ৰোনা আক্ৰান্তৰ বাবে কাউন্সিলিঙৰ ব্যৱস্থা ৰখা হৈছে ৷ তাত থাকিব মনোৰোগ বিশেষজ্ঞও ৷

Leave A Reply