Breaking

ডেল্টা, ফ্লোৰনাৰ পিছত এইবাৰ ক’ভিডৰ নতুন প্ৰজাতি ‘ডেল্টাক্ৰন’

0 2,045

বিশ্বৰ শতাধিক দেশত কোভিডৰ দক্ষিণ আফ্ৰিকাৰ প্ৰজাতি অমিক্ৰনে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে কোভিডৰ নতুন প্ৰজাতি “ফ্লোৰোনা” ই নতুন আতংকৰ সৃষ্টি কৰিছে। এনে সময়তে ভূতৰ ওপৰত দানহৰ দৰে চাইপ্ৰাছত ধৰা পৰিছে কোভিডৰ আন এক প্ৰজাতি। এই কথাই অধিক চিন্তিত কৰি তুলিছে বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলক। উল্লেখ্য কোভিডৰ ডেল্টা প্ৰজাতিৰ পিছত কিছুদিন পূৰ্বে ইজৰাইলত ধৰা পৰিছিল কোভিডৰ এক প্ৰজাতি ফ্লোৰনা। ইজৰাইলৰ চৰকাৰে দেশ খনত কোভিডৰ বিৰুদ্ধে চতুৰ্থ ভেকছিন বুষ্টাৰ ডজ প্ৰদানৰ কাম আৰম্ভ কৰিছে যাতে নতুন প্ৰজাতি বিধে অধিক লোকক আক্ৰান্ত কৰিব নোৱাৰে। ৰোগ প্ৰতিৰোধৰ শক্তি কম থকা লোকসকলৰ বাবে বুষ্টাৰ ডজ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এনে সতৰ্কতাৰ খবৰ প্ৰকাশ হৈ থকাৰ মাজতে চাইপ্ৰাছত ধৰা পৰিছে ডেল্টাক্ৰন নামৰ আন এক কোভিড প্ৰজাতি।

ইজৰাইলত “ফ্লোৰোনা” ৰ প্ৰথমটো ঘটনা চিনাক্ত হৈছিল। “ফ্লোৰোনা” কোভিড আৰু ইনফ্লুৱেঞ্জাৰ মিশ্ৰিত সংক্ৰমণ বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। কোভিডৰ নতুন প্ৰজাতি “ফ্লোৰোনা” ৰ লক্ষণসমূহ কোভিডৰ আন প্ৰজাতিৰ দৰেই যদিও “ফ্লোৰোনা” ত আক্ৰান্ত হোৱা জনৰ দেহত ইনফ্লুৱেঞ্জাৰ লক্ষণেও দেখা দিয়ে। ফ্লোৰোনাৰ পিছত এইবাৰ চাইপ্ৰাছত ধৰা পৰিছে কোভিডৰ আন এক প্ৰজাতি। এই নতুন প্ৰজাতি বিধৰ নাম ৰখা হৈছে ‘ডেল্টাক্ৰন’ বুলি। নতুনকৈ ধৰা পৰা ডেল্টাক্ৰন প্ৰজাতিৰ ডেল্টা প্ৰজাতিৰ সৈতে একে আনুবংশিক মিল আছে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে মন্তব্য কৰিছে। চাইপ্ৰাছ বিশ্ববিদ্যালয়ৰ জৈৱ প্ৰযুক্তি আৰু আণৱিক ভাইৰোলজী গৱেষণাগাৰৰ মুৰব্বী লিওণ্ডিঅছ কোষ্ট্ৰিকিছে কয় কোভিডৰ নতুন প্ৰজাতি ডেল্টাক্ৰনত আক্ৰান্ত লোকৰ দেহত লক্ষণৰ সঘন পৰিৱৰ্তন হয়।


এই নতুন প্ৰজাতিটোৰ ডেল্টা প্ৰজাতিৰ সৈতে একে আনুবংশিক পৃষ্ঠভূমি আছে। উল্লেখ্য কোভিডে এতিয়া নিতৌ নতুন নতুন ৰূপত মূৰ দাঙি উঠিছে। চাইপ্ৰাছৰ স্বাস্থ্যমন্ত্ৰী হাডজি পাণ্ডেলাছে কয় যে ড০ কোষ্ট্ৰিকিছৰ নেতৃত্বত এটা বিশেষজ্ঞৰ দলে এই বিষয়ত গৱেষণা কৰি সাফল্য লাভ কৰিছে। এয়া দেশ খনৰ বাবে এক বৃহৎ সাফল্য বুলিও তেওঁ কয়। চাইপ্ৰাছত ধৰা পৰা এই নতুন প্ৰজাতি বিধৰ বৈজ্ঞানিক নাম এতিয়ালৈকে দিয়া হোৱা নাই যদিও শীঘ্ৰে নাম ঘোষণা কৰা হ’ব বুলি জানিব পৰা গৈছে।

Leave A Reply