Breaking

সদৌ বিটিএডি প্ৰাথমিক অসম টেট উত্তীৰ্ণ সন্থাৰ পৰিষদীয় চৰকাৰলৈ দাবী

0 1,537

 বিগত ২০১৯ বৰ্ষৰ অসম টেটত জ’ন – ২ ( বিটিআৰ) হিচাপে উত্তীৰ্ণ হোৱাৰ পিছতো নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ থকা সকলো প্ৰাৰ্থীকে অতি শীঘ্ৰে নিযুক্ত দিয়াৰ বাবে বিটিচি পৰিষদীয় চৰকাৰৰ প্ৰতি দাবী জনাইছে  সদৌ বিটিএডি প্ৰাথমিক অসম টেট – ২০১৯ উত্তীৰ্ণ সন্থাই ৷ অন্যথা প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদীয় চৰকাৰৰ বিৰুদ্ধে যি কোনো গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ উপৰিও আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে ৷ শনিবাৰে বঙাইগাঁও চহৰৰ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত সন্থাৰ সভাপতি সুদেন বৰ্মনে কয় যে আমাক নিযুক্তি লাগে ৷ বিগত ২০১৯ চনত যি অসম টেট অনুষ্ঠিত হৈছিল সেই টেট পৰীক্ষাত জ’ন – ২ হিচাপে অৰ্থাৎ আমি বিটিআৰ জ’ন হিচাপে পৰীক্ষা দিছিলো আৰু উত্তীৰ্ণ হৈছিলো ৷ কিন্তু ২০১৯ বৰ্ষৰ টেট পৰীক্ষাৰ পিছত বিটিআৰৰ বাহিৰৰ জিলাসমূহৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে ইতিমধ্যে নিযুক্তিৰ বাবে দুবাৰকৈ আবেদন কৰাৰ বাবে সুযোগ লাভ কৰিছে ৷ আনকি নিযুক্তি লাভ কৰি চাকৰিও কৰি আছে ৷ কিন্তু অতি দুৰ্ভাগ্যজনক কথা এয়ে যে বিটিআৰত নিযুক্তি প্ৰদান কৰা হোৱা নাই ৷ ফলত আমি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে ৷ কিন্তু শেহতীয়াকৈ ২৮ জুলাইত বিটিআৰত শিক্ষক নিযুক্তিৰ বাবে এক বিজ্ঞাপন প্ৰকাশ পাইছে যদিও টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ তুলনাত একেবাৰে নগণ্য সংখ্যক পদৰ বাবেহে এই বিজ্ঞাপন প্ৰকাশ কৰা হৈছে ৷ কেৱল ৪২৭ টা পদৰ বাবে এই বিজ্ঞাপন প্ৰকাশ কৰা হৈছে ৷ সেয়ে আমি এই বিজ্ঞাপনকলৈ আনন্দিত নহও আৰু ইয়াৰ বিৰোধ কৰিছো ৷ কাৰণ এই বিজ্ঞাপনত যিসকলে ইতিমধ্যে ছমহীয়া ঠিকাভিত্তিক চাকৰি কৰি আছে তেওঁলোকক যোগ্যতাৰ ভিত্তিত তথা অভিজ্ঞতাৰ ভিত্তিত ৫০ নম্বৰ দিয়া হৈছে ৷ গতিকে এই ব্যৱস্থাৰ ফলত আমি পুনৰ নিযুক্তি লাভৰ পৰা বঞ্চিত হ’ব লাগিব ৷ সেয়ে আমি বৰ্তমানৰ প্ৰমোদ বড়ো  নেতৃত্বাধীন বিটিচি পৰিষদীয় চৰকাৰখনক  অনুৰোধ জনাইছো যাতে আমাক যি কোনো  প্ৰকাৰে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰে আৰু সমাজত  যাতে আমাক মানুহ হিচাপে জীয়াই থাকিবলৈ দিয়ে ৷ সন্থাৰ সভাপতিগৰাকীয়ে লগতে কয় যে যি বিজ্ঞাপন প্ৰকাশ পাইছে তাত পূৰ্বৰ বিটিচি পৰিষদীয় চৰকাৰে ছয়মহীয়া যিসকল শিক্ষকক নিযুক্তি দিছিল তেওঁলোককহে যোগ্যতাৰ ভিত্তিত ৫০ নম্বৰ প্ৰদান কৰা হৈছে ৷ গতিকে এই ব্যৱস্থাৰ জৰিয়তে ২০১৯ বৰ্ষৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক মানসিকভাৱে তথা ডিঙি চেপি হত্যা কৰাৰ দৰে হৈছে ৷ কাৰণ ২০১৭ বৰ্ষৰ পিছত এতিয়ালৈকে বিটিআৰত প্ৰাথমিক শিক্ষক নিযুক্তি হোৱা নাই আৰু আমি বিশেষ সূত্ৰে জানিব পাৰিছো যে এতিয়াও বিটিআৰত বহুতো প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ পদ খালী হৈ আছে ৷ সেই ক্ষেত্ৰত ৪২৭ টা পদৰ বিজ্ঞাপন দি আমাক পৰিকল্পিতভাৱে বঞ্চিত কৰা হৈছে  ৷ আমাৰ দাবী যি কোনো প্ৰকাৰে আমাক নিযুক্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰক ৷ অন্যথা আমি বিটিচি পৰিষদীয় চৰকাৰৰ বিৰুদ্ধে যি কোনো গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ সাজু আছো ৷ সেয়ে নিযুক্তৰ ক্ষেত্ৰত যদি বিটিচি পৰিষদীয় চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহলে অতিশীঘ্ৰে আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দি ইয়াৰ ফলত যদি কিবা পৰিৱেশ – পৰিস্থিতি বিনষ্ট হয় তেতিয়াহলে তাৰ কাৰণে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো জগৰীয়া হ’ব ৷ আমি জগৰীয়া নহও ৷ কাৰণ আমি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বৰে পৰা তেওঁৰ সৈতে যোগাযোগ কৰি আহিছিলো আৰু সাক্ষাৎ কৰি বিভিন্ন স্মাৰক পত্ৰ প্ৰদান কৰি আহিছিলো ৷ তেওঁ আমাক নিযুক্তি দিয়াৰ আশ্বাস প্ৰদানো কৰিছিল ৷ কিন্তু শেহতীয়াকৈ যি বিজ্ঞাপন প্ৰকাশ কৰিছে সেই বিজ্ঞাপনে আমাক মানসিকভাৱে হতাশ কৰি তুলিছে,  আমাক ডিঙি চেপি হত্যা কৰাৰ দৰে হৈছে আৰু আমাৰ যোগ্যতাক ভৰিৰে মোহাৰি পেলোৱাৰ দৰে হৈছে ৷ সেয়ে বিটিচি পৰিষদীয় চৰকাৰক সময় থাকোতে আমাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছো ৷ অন্যথা পিছলৈ পৰিস্থিতি ভয়ংকৰ হ’ব ৷ সংবাদ মেলত সন্থাৰ সম্পাদক অনচাই বসুমতাৰীকে ধৰি কেইবাগৰাকীও  বিষয়ববীয়া উপস্থিত আছিল ৷

Leave A Reply