Breaking

জাগাৰাৰ অৱসৰী পঞ্চায়ত কর্মচাৰী ৰাজেন তালুকদাৰৰ বিয়োগ

0 2,028

নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তর্গত  জাগাৰা গাওঁৰ  পুৱ চুবুৰীৰ লগতে জাগাৰা গাওঁ পঞ্চায়তৰ অৱসৰী কর্মচাৰী ৰাজেন তালুকদাৰৰ যোৱা নিশা ( ৮৮) বছৰ বয়সত প্রেচাৰ স্ট্ৰোক হৈ বিয়োগ হয় ৷উল্লেখ্য  তালুকদাৰ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানৰ লগত ওতঃ প্রোত ভাবে জৰিত হৈ থকাৰ  উপৰি পূৱ জাগাৰা স্থিত ধর্মানুষ্ঠান বাবা তাৰক নাথ ধামৰ লগতো জড়িত আছিল।  ৷ প্ৰয়াত তালুকদাৰ    অতি সৰবৰহী তথা  হাস্যবদনৰ লোক আছিল ৷তেখেতৰ মৃত্যুৰ খবৰে অঞ্চলটো মৃয়মান হৈ পৰে।  ৷আজি ৰাজেন তালুকদাৰৰ নশ্বৰ  দেহ ৩০ (২) দক্ষিণ পকোৱা জাগাৰা পঞ্চায়তৰ কার্য্যালয়লৈ নি পঞ্চায়তৰ সভাপতি অজিত বৈশ্য,আঞ্চলিক পঞ্চায়তৰ সদস্যা গীতা ডেকাৰ লগতে বিজেপি নেতা অখিল গোস্বামী ,অৰবিন্দ বৈশ্যৰ লগতে অজস্ৰ  গুনমুগ্ধই শেষ শ্রদ্ধাঞ্জলি জনোৱাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে ৷মৃৃত্যুৰ সময়ত পত্নীৰ লগতে তিনিজন পুত্র বোৱাৰী ,নাতি, নাতিনীৰ লগতে অসংখ্য গুনমুগ্ধক এৰি থৈ যাই ৷

Leave A Reply