Breaking

গভীৰ নিদ্ৰাত আভ্যন্তৰীণ জল পৰিবহন বিভাগ

0 2,112

মাজুলীৰ নিমাতি ঘাট ৰ ভয়ংকৰ নৌকা দুৰ্ঘটনাৰ পাছতেই তৎপৰ হৈ উঠা ৰাজ্য চৰকাৰ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগ আকৌ গভীৰ নিদ্ৰাত।-ধুবুৰীৰ বিভিন্ন নদী পথত বৰ্তমানও অব্যাহত এটা ইঞ্জিন যুক্ত লঞ্চ বা নৌকা। যোৱাকালি ধুবুৰী- ফকীৰগঞ্জ এটা ইঞ্জিনযুক্ত নাও ব্ৰহ্মপুত্ৰৰ বুকুত  বিকল হৈ পৰাত যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি।চৰকাৰী নিয়ম নীতি আৰু নিষেধাজ্ঞা ধোঁৱা চাঙত। মনত আছে নে আপোনাৰ ধুবুৰীৰ মেডেৰটাৰী বা নিমাতি ঘাট ৰ ভয়ংকৰ লঞ্চ দুৰ্ঘটনাৰ কথা।আৰু এনে দূৰঘটনাৰ পাছতেই হঠাতে কঠোৰ হৈ পৰে ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগ।পিছে সময় বাগৰিলে সকলো পাহৰি ছিণ্ডিকেটৰ ৰক্ষক হৈ পৰে এই বিভাগ টো।ধুবুৰীত বৰ্তমানেও চৰকাৰী ভাবে এটা ইঞ্জিন যুক্ত নাওঁ চলকচল কৰা বন্ধ ৰাখিছে জিলা প্ৰশাসনে।পিছে নাই ছিণ্ডিকেট বাহিনীয়ে সকলো নিয়ম নীতি অমান্য কৰি আকৌ প্ৰশাসনৰ  চকুৰ সন্মুখতেই অধিক যাত্ৰী কোনো ধৰণৰ সুৰক্ষাৰ ব্যবস্তা নোহোৱাকৈ য়েই অব্যাহত ৰাখিছে চলাচল।

এনে পৰিস্থিতিত এক ডাঙৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল বহু যাত্ৰী। ধুবুৰী- ফকীৰগঞ্জ চলাচল কৰা এটা ইঞ্জিনযুক্ত নাওঁ ব্ৰহ্মপুত্ৰৰ বুকুত আহি হঠাৎ ইঞ্জিন বিকল হৈ পৰাত যাত্ৰী সকলে আৱদ্ধ হৈ পৰে। পিছত  যাত্ৰীৰ মাজত সৃষ্টি হয় এক পৰিস্থিতিৰ। ব্ৰহ্মপুত্ৰ নদী পথত নাওঁ অথবা এটা ইঞ্জিনযুক্ত লঞ্চৰ চলাচল বন্ধ আছে যদিওঁ পুৱাৰ ভাগত ফকীৰগঞ্জৰ পৰা ধুবুৰী লৈ অহা লঞ্চখন বহু দিনৰ পৰাই চলাচল কৰি আছে। নিমাত বিভাগীয় কৃতপক্ষই। ধুবুৰীত লঞ্চ চলাচলৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কঠোৰ ভাবে নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো কোনো ধৰণৰ মেৰিন ইঞ্জিন নথকা লঞ্চ সমূহ এতিয়াও চলাচল অব্যাহত আছে। বিশেষকৈ ফকীৰগঞ্জৰ লঞ্চটো কেইবাৰো এনেদৰে ব্ৰহ্মপুত্ৰৰ বুকুত আহি ইঞ্জিন বিকল হৈ পৰাত যাত্ৰীৰ মাজত  হাহাকাৰৰ সৃষ্টি হৈছিল। যাৰবাবে ব্ৰহ্মপুত্ৰৰ বুকুত ঘণ্টাই ঘণ্টাই আবদ্ধ হৈ পৰে শ শ যাত্ৰী।

Leave A Reply