Breaking

নগাঁৱৰ উপায়ুক্তৰ সৰলতাৰ সুযোগ লৈ বহুৱাইছে দুৰ্নীতিৰ বজাৰ

0 273

নগাঁও

নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে লাগি থকা সহকাৰী পৰিকল্পনা বিষয়াৰ কাৰ্যালয়ত এম এছ ডি পি, বিধায়ক আৰু সাংসদ পুঁজিৰ নামত দুৰ্নীতিৰ বজাৰ মুকলি কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী সহকাৰী পৰিকল্পনা বিষয়াৰ বিৰুদ্ধে । অভিযোগ উঠা মতে, সহকাৰী পৰিকল্পনা বিষয়া বিজয় কুমাৰ বিশ্বাসে বিভিন্ন আচঁনিৰ নামত ঠিকাদাৰ, বিভিন্ন নিৰ্মাণ সমিতিৰ লোকৰ পৰা প্ৰতিটো কামৰ বিনিময়ত কমিচন আদায় কৰি আহিছে । আনহাতে, যি সকলৰ পৰা কমিচন নাপায় তেওঁলোকক নানান অজুহাতত ঘুৰাই হাৰাশাস্তি কৰে। এই গৰাকী বিষয়াই আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিজেপিৰ নেতা অনিল শইকীয়াকে ধৰি কেইবা গৰাকী নেতাৰ সৈতে তেওঁৰ ঘনিষ্টতা থকা বুলি দম্ভালি মাৰি ফুৰা বিষয়া গৰাকীক লোক সভা নিৰ্বাচনৰ পূৰ্বে নগাঁৱৰ পৰা তেজপুৰলৈ বদলি কৰা হৈছিল যদিও মাত্ৰ আঠ মাহ থাকি পুনৰ নগাঁৱৰ সেইখন চকীতেই বহি দপদপনি আৰম্ভ কৰে । আৰু কাৰ্যালয়টো সোনৰ কণী পৰা হাঁহত পৰিণত কৰি কমিচন চলোৱা বুলি সচেতন মহলত  চৰ্চা হৈছে।  বিষয়াগৰাকীৰ এনে দুৰ্নীতিগ্ৰস্থ মানসিকতাৰ বাবেই নগাঁৱৰ বিভিন্ন সমষ্টিৰ বিভিন্ন গুৰুত্বপূৰ্ণ আচঁনিতো একাংশ বিষয়া-ঠিকাদাৰে অনিয়ম সংঘটিত কৰাৰ সুযোগ লাভ কৰিছে। উত্থাপিত অভিযোগ মতে বিষয়া গৰাকীৰ কাৰ্যালয়ৰ পৰা মাত্ৰ এক কিঃ মিঃ দূৰৈত বাসগৃহ থকাৰ বাবেই গুৰু গোসাঁই নামানি অবাধ দুৰ্নীতিত লিপ্ত হৈছে তেওঁ । শূন্য  সহনশীলতাৰ পৰিৱেশ সৃষ্টিৰ বাবে অহৰহ প্ৰয়াস কৰি থকা সৰ্বানন্দ সোনোৱাল চৰকাৰৰ বিপৰীতে একাংশ আমোলাই এতিয়াও তলে-তলে দুৰ্নীতিগ্ৰস্থ বিষয়াৰ সৈতে মিতিৰালি অব্যাহত ৰখাৰ বাবেই বিশ্বাসৰ দৰে বিষয়াই অনিয়ম চলাব পাৰিছে বুলি সচেতন ৰাইজে মন্তব্য কৰিছে । বিভিন্ন বিধানসভা সমষ্টিৰ বিধায়ক পুজিঁৰ কামৰ ফাইল পোটআপ কৰি দিয়াৰ বাবদ পৰিকল্পনা বিষয়া গৰাকীয়ে জিলা উপায়ুক্তৰ সৰলতাৰ সুযোগ লৈ ব্যাপক দুৰ্নীতি-অনিয়ম কৰি থকাৰ উপৰি সাংসদ পুঁজিৰ বিভিন্ন কামতো কমিচন লোৱাৰ বাবেই বহু ঠাইত গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হৈ উঠাত ব্যাঘাত জন্মিছে। বদলি হোৱাৰ পিছতো পূৰ্বৰ চকীৰ লোভ সামৰিব নোৱাৰি বিভিন্ন কৌশলেৰে পুনৰ নগাঁৱলৈ উভতি অহা এইগৰাকী বিজয় কুমাৰ বিশ্বাসৰ বিৰুদ্ধে মূখ্যমন্ত্ৰী সোনোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ  কৰিবলৈ দাবী উত্থাপন কৰিছে  আৰ টি আই কৰ্মী এ জে আকন্দয়ে এটি প্ৰেছ বাৰ্তা জৰিয়তে ।

Leave A Reply