Breaking

চাপৰি অঞ্চল আৰু নদীপৰীয়া এলেকাৰ বান পৰিস্থিতিৰ পৰ্যবেক্ষণ উপায়ুক্ত বিক্ৰম কৈৰীৰ।

0 1,228

উজনি-মাজুলী : মাজুলী জিলাৰ নামনি অংশত মঠাউৰিৰ বাহিৰ ফালে অৱস্থিত এলেকাসমূহত ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ বাঢ়নি পানীয়ে সৃষ্টি কৰা বান পৰিস্থিতি আজি পৰ্যবেক্ষণ কৰে মাজুলীৰ উপায়ুক্ত  বিক্ৰম কৈৰীয়ে। মাজুলী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া  নৰনাৰায়ণ নাথ আৰু জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (ডিডিএমএ)ৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত  নৰেণ দাসৰ সৈতে উপায়ুক্ত  কৈৰীয়ে শণিবাৰে আগবেলাই কমলাবাৰীঘাটৰ পৰা এখন ফেৰীৰে জিলাখনৰ দক্ষিণ-পশ্চিম প্ৰান্তত থকা চাপৰি অঞ্চলসমূহৰ লগতে নদীপৰীয়া এলেকাৰ বান-পৰিস্থিতিৰ বুজ লয়। উপায়ুক্ত শ্ৰীকৈৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীনাথ আৰু অতিৰিক্ত উপায়ুক্ত তথা  ডিডিএমএৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীদাসেভকত চাপৰি, ফাগুৱা চাপৰি আদি অঞ্চলৰ জলমগ্ন পৰিবেশ-পৰিস্থিতি নিৰীক্ষণ কৰি কৰতিপাৰ এলেকাৰ চাপৰি তথা মঠাউৰিৰ বহিঃ অংশৰ অৱস্থা পৰিদৰ্শন কৰে। ইয়াৰ পাছতে ফেৰীৰেই মিছামৰাৰ পৰিস্থিতিও পৰ্যবেক্ষণ কৰাৰ লগতে সাৰুৱা চাপৰিত ফেৰী ৰখাই বানত আৱদ্ধ হৈ পৰা চাপৰিবাসীৰ সৈতে মত বিনিময় কৰে উপায়ুক্ত শ্ৰীকৈৰীয়ে। জিলা প্ৰশাসনৰ তিনিওগৰাকী শীৰ্ষ বিষয়াই পুণৰ ফেৰীৰে সোৱণশিৰি জলৰাশিত প্ৰৱেশ কৰি নামনি মাজুলীৰ ধূনাগুৰি হৈ লুহিত নদীৰে উজাই চেলেক পৰ্যন্ত বান পৰিস্থিতি নিৰীক্ষণ কৰে। বিয়লি পৰ্যন্ত প্ৰায় ৪.৪৫ মিনিট জুৰি ফেৰীৰে সমগ্ৰ নামনি মাজুলীৰ মঠাউৰীৰ বাহিৰত বানৰ গ্ৰাসত পৰা নদীপৰীয়া আৰু চাপৰি এলেকাই সামৰা অঞ্চলসমূহৰ পৰিস্থিতিৰ চৰজমীন বুজ লৈ উপায়ুক্ত আৰু আন দুগৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়াই চেলেকৰ পৰা স্থলপথেৰে জিলা সদৰলৈ ঘূৰি আহে।

Leave A Reply