Breaking

বিধস্ত নাজিৰা-গেলেকী পথ : কাণসাৰ নাই ৰাইজৰ প্ৰতিবাদত নতশিৰ হোৱা গড়কাপ্তানী বিভাগৰ

0 45

নাজিৰা

অসমৰ মানচিত্ৰতে নহয় ভাৰতৰ মানচিত্ৰত এক সুকীয়া স্হান আছে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ সীমান্তবৰ্তী গেলেকীৰ। কেৱল সীমান্ত অঞ্চলৰূপে নহয় দেশৰ ৰাজহুৱা খণ্ডৰ মহাৰত্ন তৈল কোম্পানী তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চি অসম সম্পদৰ অধীনৰ অতি লাভজনক গেলেকী তৈলক্ষেত্ৰৰ বাবেই ভাৰতৰ ঔদ্যোগিক ক্ষেত্ৰৰ মানচিত্ৰত এক সুকীয়া স্হান আছে গেলেকীৰ। ইয়াৰ উপৰি দেশৰ কেইবাটাও বহুজাতিক কোম্পানীৰ কেইবাখনো বৃহৎ চাহ বাগিচাৰ উপৰি ৮০ দশকৰ আৰম্ভণিৰ পৰাই এই সীমান্ত অঞ্চলটোত গঢ় লৈ উঠিছে কেইবাশতাধিক ক্ষুদ্ৰ চাহ বাগিচা আৰু সীমান্ত অঞ্চলটোত উৎপাদিত কয়লা। দেশ তথা ৰাজ্যৰ অৰ্থনীতি টনকীয়াল কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা প্ৰাকৃতিক সম্পদৰ ভঁৰালস্বৰূপ এই গুৰুত্বপূৰ্ণ অঞ্চলটোৰ ৰাইজে এতিয়া পথ এটা নিৰ্মাণৰ বাবে বছৰ বছৰ ধৰি দাবী, আন্দোলন আদি কৰিব লগা হোৱাটো অতি দূৰ্ভাগ্যজনকে আৰু পৰিতাপৰ বিষয়। কিন্তু তাৰ পাছতো পথ নিৰ্মাণ সম্পূৰ্ণ নহয়। উল্লেখ্য যে শিৱসাগৰ জিলা তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সৈতে যাতায়াতৰ বাবে থকা নাজিৰা-গেলেকী বিধ্বস্ত পথছোৱাই ৰাইজক বছৰ বছৰ ধৰি জ্বলাকলা খুৱাই আহিছে। এই প্ৰায় ১৪ কিলমিটাৰ বিধ্বস্ত পথছোৱা নিৰ্মাণৰ বাবে সময়ে সময়ে বিভিন্ন দল-সংগঠন আৰু স্হানীয় ৰাইজে বাৰম্বাৰ দাবী জনাই আহিছে। কিন্ত ৰাইজৰ এই দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰে চৰকাৰ আৰু অ’ এন জি চি কৰ্তৃপক্ষই। উপায়ন্তৰ হৈ বিগত বৰ্ষৰ ১০ অক্টোবৰত বৃহত্তৰ গেলেকী অঞ্চলৰ হাজাৰ হাজাৰ ৰাইজ ৰাজপথলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ৰাজপথ অৱৰোধ কৰাত গা লৰিল চৰকাৰ তথা গড়কাপ্তানী বিভাগৰ। বিভাগে অক্টোবৰ মাহৰ ভিতৰত বিধ্বস্ত পথটি নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে তদানীন্তন নাজিৰাৰ মহকুমাধিপতি ৰাজীৱ থাপাৰ উপস্হিতিত ৰাইজক প্ৰতিশ্ৰুতি দিয়াই নহয় ৰাইজক পতিয়ন নিয়াবৰ বাবেই উক্ত দিনাই পথ নিৰ্মাণৰ কামো আৰম্ভ কৰে। প্ৰায় ৮ কোটি টকাৰে নিৰ্মাণ হ’ব লগা পথটো আজিও নিৰ্মাণ সম্পূৰ্ণ নহ’ল। যি ছোৱা পথ নিৰ্মাণ হৈছে সেয়াও অতি নিম্নমানৰ কাম হে হৈছে। আনহাতে পথছোৱাৰ বিশেষকৈ হাতীপটি তিনি আলিৰ পৰা গেলেকী পৰ্যন্ত বিধ্বস্ত পথছোৱাইদি যাতায়াত একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছে। বৰষুণ দিলেই পথছোৱাৰ বিয়াগোম পুখুৰীসদূশ গাঁতসমূহৰ বাবে প্ৰায়ে দূৰ্ঘটন সংঘটিত হয়। দেশ তথা ৰাজ্যৰ অৰ্থনীতিত বিশেষ ভূমিকা গ্ৰহন কৰি থকা বৃহত্তৰ গেলেকী অঞ্চলৰ ৰাইজে বিশুদ্ধ খোৱাপানী, বিনামূলীয়া ৰন্ধন গেছ, বিনামূলীয়া বিদ্যুৎ, বিনামূলীয়া উন্নত চিকিৎসা আদি অ’ এন জি চিৰ পৰা লাভ কৰাতো দূৰৰে কথা বছৰ বছৰ ধৰি বিধ্বস্ত মূল পথটিৰ বাবে ৰাইজে হাহাকাৰ কৰিব লগা হয়।শেহতীয়াভাৱে পথটিৰ বিধ্বস্ত অৱস্হাই ৰাইজক জ্বলাযন্ত্ৰণা দিবলৈ ধৰাত প্ৰাক্তন ছাত্ৰ নেতা টিংকু হাজামাৰ লগতে বিভিন্ন সংগঠনে সামাজিক দূৰত্ব বৰ্তাই ৰাখি পথটি উন্নত মানদণ্ডৰে অতি শীঘ্ৰে নিৰ্মাণৰ দাবীত আন্দোলন কৰাৰ হুংকাৰ দিছে। 

Leave A Reply