Breaking

নগালেণ্ড সীমান্তৰ অসমৰ বনভূমিত নগাৰ ধ্বংস যজ্ঞ

0 171

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ৭ নৱেম্বৰঃ অসম চৰকাৰৰ গৃহ বিভাগ আৰু বন বিভাগৰ ব্যৰ্থতাৰ বাবেই শিৱসাগৰ জিলাৰ দক্ষিণ পূৱ কোণত অৱস্থিত গেলেকী সংৰক্ষিত বনাঞ্চল সুৰক্ষা প্ৰদানত চূড়ান্ত ব্যৰ্থ হোৱা প্ৰতিফলিত হৈছে। যোৱা দুটা দিন ধৰি গেলেকী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধ বেদখল কৰি ক্ৰমাৎ সম্প্ৰসাৰিত হৈ অহা নগা লোকে মূল্যবান গমাৰি গছ কাটি তহিলং কৰে। নতুনকৈ স্থাপন হোৱা নগাৰ গাঁও কাঞ্চিং নতুন বস্তি আৰু এনাকি বস্তিৰ নগালোকেই অবৈধ বে-দখলৰ সুযোগ গ্ৰহণৰ  পাছত  পৰৱৰ্ত্তী গছ-গছনি কটাৰ অভিযানত নামি পৰে।

বন ধ্বংসৰ পাছত পুৱাৰ ভাগত নাজিৰাৰ মহকুমাধিপতি লখিমী দত্তই সীমান্ত দণ্ডাধীশ ৰাজীৱ সোণোৱাল, মহকুমা আৰক্ষী বিষয়া প্ৰদীপ কোঁৱৰ, গেলেকী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বিপেন্দ্ৰ ছেত্ৰীসহ কাঞ্চিং ৰোডত উপস্থিত হয়। গেলেকী আৰু আঠখেল বীট অফিচৰ পৰা প্ৰায় সমদূৰত্বত আৰু  দেওপানী সীমান্ত আৰক্ষী চকীৰপৰা প্ৰায় সাত কিঃমিঃ দূৰত্বত নগালোকে বন ধ্বংস অভিযান চলায়। 

দেওপানী সীমান্ত আৰক্ষী চকীও সষ্টম হৈ পৰি  ঘটনা স্থলীলৈ ৰাওণা হয় যদিও দুৰ্বৃত্তই আগে আগে পলায়ন কৰে।  গছ কাটি ধ্বংস কৰি মূল্যবান কাঠৰ কুণ্ডা সমূহ স্থানান্তৰ কৰাৰ বাবে প্ৰস্ত্ততি চলাই থকাৰ সময়তে আৰক্ষী আৰু প্ৰশাসনৰ তৎপৰতা দেখা পাই দুৰ্বৃত্তই কাঠসমূহ এৰি থৈ পলায়ন কৰে।

আজি  প্ৰায় ২০ জোপা গছৰ   কুণ্ডা সমূহ গেলেকী বিট অফিচলৈ বুলি লৈ অনাৰ ব্যৱস্থা কৰা হয়। উল্লেখযোগ্য যে, গমাৰিকে ধৰি বিভিন্ন মূল্যবান গছৰ পুলি গেলেকী সংৰক্ষিত বনাঞ্চলৰ উক্ত এলেকাত বন বিভাগে যোৱা জুলাই মাহত চিআৰপিএফ বাহিনীৰ জড়িয়তে ৰোপন কৰিছিল।  নগা আৰক্ষীৰ লগত সীমান্তত উপদ্ৰৱ ৰোধিবলৈ যোৱা জুলাই মাহতে অসমৰ ফালৰপৰা প্ৰশাসনৰ  লোকে আলোচনা কৰি থকাৰ সময়তো নগালোকে ৰোপিত গছপুলি সমূহ উভালি পেলায় । 

কেৱল বে-দখলৰ উচ্ছেদেৰে আন্তঃৰাজ্যিক সীমাত সুৰক্ষা কিমান দিনলৈ ?

অসম নগালেণ্ডৰ সীমা এলেকাত সততে সৃষ্টি হৈ অহা নগালোকৰ অবৈধ বে-দখল আৰু বনভূমিৰ লুণ্ঠনেই কেৱল সমস্যা হৈ থকা নাই। অসমৰ ভূমিক “দিচপুট লেণ্ড” হিচাপে ঘোষণা কৰি অবৈধ হস্তক্ষেপ কৰি অসমৰ ভূমিৰপৰা অসমীয়া শ্ৰমজীৱি লোকক নগালেণ্ড আৰক্ষীয়ে দণ্ডাধীশৰ তত্বাৱধানত গ্ৰেপ্তাৰ কৰি লৈ যোৱা আদি ঘটনা সংঘটিত হৈ আহিছে। এনেবোৰ ঘটনায়ো দুয়োখন ৰাজ্যৰ মাজৰ সম্পৰ্ক বিঘ্নিত হোৱাৰ দৃষ্টান্ত দাঙি ধৰিছে।  অসম নগালেণ্ড সীমান্তৰ দিখৌ নৈৰ শিল, বালি আদিৰ লগতে বনজ সম্পদত এনে পৰিস্থিতিয়ে অকৰ্তৃত্বশীল ভাৱে লুণ্ঠনৰ দিশ দাঙি ধৰিছে ।

আনহাতে কৰ’নাৰ লকডাউন পৰিস্থিতিৰ গইনা লৈ নগাই অসম নগালেণ্ডৰ সীমাৰ গেলেকী শিঙিবিলত সাজি উলিওৱা ঘৰ, বুৰুজসহ চাৰিবেৰা, নঙলা আদি শিৱসাগৰ জিলা প্ৰাশাসনে নাজিৰা মহকুমা প্ৰশাসনৰ লগত মিলিত হৈ সুযোগ বুজি যোৱা ১০ জুনত পুৱতী নিশাতে উচ্ছেদ কৰা ঘটনা সংঘটিত হয়। ইয়াৰ আগে আগে ৮ জুনত সীমান্তৰ সেই বিশেষ স্থানত অসম আৰক্ষী উপস্থিত হৈছিল আৰু বেৰা, ঘৰ দুৱাৰ উচ্ছেদ কৰি আহিছিল।

যোৱা ৩ জুলাইত সম্পদ লুণ্ঠনৰ দৃষ্টান্তৰে বিহুবৰৰ অসম নগালেণ্ড সীমান্তত শিল খনন কৰি থকা অসমৰ ১১ জনকৈ  যুৱ শ্ৰমিকক প্ৰৰোচিত ভাৱে নগা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনায়ো অসম চৰকাৰৰ গৃহ বিভাগ তৎপৰ হোৱাৰ প্ৰয়োজন দাবী কৰিছে।

তদুপৰি সততে অসম নগালেণ্ড সীমান্তৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে মুখামুখি হৈ অহা সমস্যা সমূহৰ গুৰিতো নগালোকৰ অবৈধ বে-দখল, চাহ গছ কাটি নি দখল সাব্যস্ত কৰা আদি বৰ্দ্ধিত ঘটনা সমূহে অসম নগালেণ্ড সীমান্তক চৰকাৰীভাৱে পৰিত্যক্ত হ’বলৈ এৰি দিয়াৰ দৰে হৈ পৰিছে ।  আনহাতে অসমৰ ঐতিহাসিক লাদৈগড়ৰ পৰাই আন্তঃৰাজ্যিক সীমাৰ দূৰত্ব নিৰূপণ হোৱাৰ সময়ত এই গড়টো সংৰক্ষণৰ ভূমিকা অতি জৰুৰী হৈ পৰিছে ।

আঠটাকৈ সীমান্ত আৰক্ষী চকীয়ে সুৰক্ষা গঢ়াৰ লক্ষ্যত নিৰ্দিষ্ট দূৰত্বলৈকে পৰস্পৰে সংযোজিত হৈ ৰ’ব পৰাকৈ লাদৈগড়ক  উপযুক্ত তত্বাৱধান ল’বলৈ চৰকাৰে পাহৰি গৈছে। গড়টোক সংৰক্ষণ নকৰিলে সীমান্ত এলেকাৰ অসমৰ ভিতৰ এলেকাত নাগৰিকৰ সুৰক্ষা ক্ৰমাৎ সুদূৰ পৰাহত হৈ পৰাৰ আশংকা ঘনীভূত হৈছে। আনহাতে বন বিভাগৰ বিষয়াৰ পৰ্য্যায়ত সংঘটিত দুৰ্নীতিৰ বজাৰেও অসমৰ ভূমি মৌখিক চূক্তিৰে নগাক চমজাই অহাৰ অভিযোগ উঠি আহিছে।

ইয়াৰ বাবেও বহু নগালোকে ভূমিৰ দাবীদাৰ হৈ অসমৰ মাটিত অবৈধ বে-দখলৰ বিস্তৃতি ঘটোৱা বুলি একাংশ সূত্ৰই অৱগত কৰি আহিছে। মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ গৃহ মন্ত্ৰীয়ে  এই বিষয়ত এক পদক্ষেপ গ্ৰহণ কৰাটো জৰুৰী হৈ পৰিছে। 

Leave A Reply