Breaking

আৰক্ষী বিষয়াৰ কাণত কামোৰিলে আটকাধীন ব্যক্তিয়ে; বাহনত উঠাই নিয়াৰ মুহূৰ্ততে কামোৰে বিষয়াজনক

0 72

সাধাৰণ লোক আৰু আৰক্ষীৰ সংঘাত তথা আৰক্ষী বাহিনী সাধাৰণ জনতাৰ ৰোষৰ বলি হোৱা বহু উদাহৰণ আছে। কিন্তু শেহতীয়াকৈ সংঘটিত এক আজৱ ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে।

এগৰাকী ব্যক্তিক আটক কৰি বাহনত উঠাই থানালৈ লৈ যোৱাৰ সময়তে কাণত প্ৰচণ্ড কামোৰ খাব লগীয়া হৈছে এগৰাকী আৰক্ষী বিষয়াই। এই ঘটনা সংঘটিত হৈছে কেৰালাত।

প্ৰকাশিত খবৰ অনুসৰি, কেৰালাৰ কাছাৰাগোডত ষ্টেনি ৰড্ৰিগেজ নামৰ এগৰাকী ব্যক্তি বাইক দুৰ্ঘটনাত পতিত হয়। সেই সময়ত উক্ত স্থানত টহল দি থকা আৰক্ষী জোৱানসকলে তেওঁক দুৰ্ঘটনাস্থলীৰ পৰাই জিম্মাত লৈ বাহনত উঠাই লৈ যায়।

ব্যক্তিগৰাকীক থানালৈ নিয়াৰ সময়ত গাড়ীখনৰ সন্মুখৰ চিটত বহি আছিল উপ-পৰিদৰ্শকগৰাকী। বাহনখন চলি থকা অৱস্থাতে হঠাতে আটকাধীন ব্যক্তিগৰাকীয়ে খঙৰ ভমকত আৰক্ষী উপ-পৰিদৰ্শকগৰাকীৰ সোঁ কাণত জোৰেৰে কামুৰি দিয়ে।

এই আকস্মিক তথা অভাৱনীয় আক্ৰমণত বিষ্ণু প্ৰসাদ নামৰ কাছাৰাগোডৰ টাউন আৰক্ষী থানাৰ উপ-পৰিদৰ্শকগৰাকী আঘাতপ্ৰাপ্ত হয় আৰু লগে লগে তেওঁক চিকিৎসাৰ বাবে স্থানীয় এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।

জৰুৰীকালিন চিকিৎসাৰ পিছত উপ-পৰিদৰ্শকগৰাকীক আন এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

Leave A Reply