Breaking

খটখটিত ব্ৰাউন চুগাৰ সহ আটক ৩ : নগদ ধন উদ্ধাৰ

0 114

বোকাজানঃ 

অসম নগালেণ্ড সীমান্তৰ বোকাজান মহকুমাৰ খটখটিত আৰক্ষীয়ে  অভিযান চলাই ১৪ গ্ৰাম ব্ৰাউন চুগাৰ আৰু নগদ ৪৫ হাজাৰ টকা উদ্ধাৰ কৰাৰ লগতে ৩ জনক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোক কেইজন লখিমপুৰৰ ৰচিদুল আলি, ডিফুৰ জেমচন ইংলেং আৰু মেৰাপানীৰ জাৰ্নেথা য়ানথান বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি অসম-নগালেণ্ড সীমান্তৰ বালিজানৰ খান বস্তিৰ নিজামউদ্দিন নামৰ লোক জনৰ ঘৰত ধৃত লোক কেইজনে ব্ৰাউন চুগাৰ সৰবৰাহ কৰি লুকাই থকাৰ সম্ভেদ লাভ কৰে খটখটিত আৰক্ষীয়ে । এনে খবৰৰ ভিত্তিত কালি খটখটি  আৰক্ষী থানাৰ  উপ পৰিদৰ্শক  মৃদুল ৰুদ্ৰ পাল আৰু কাৰা গাঁও আৰক্ষী চকীৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া অৰুণ কুমাৰ নাথে  নিজামউদ্দিনৰ ঘৰত যৌথ ভাবে অভিযান চলাই উক্ত ব্ৰাউন চুগাৰ উদ্ধাৰ কৰি লোক কেইজনক জালত পেলায়।

Leave A Reply