Breaking

ডীলাইত বৃহৎ পৰিমাণৰ গুটখাসহ আটক ২

0 69

বোকাজান

কাৰ্বি আংলং জিলাৰ ডীলাই আৰক্ষীৰ নিয়মীয়া তালাচীত বৃহৎ পৰিমাণৰ গুটখা উদ্ধাৰ কৰাৰ লগতে  দুজনক আটক কৰে আৰক্ষীয়ে। ধৃত লোক দুজন সুভাষ তামং আৰু সঞ্জয় অধিকাৰী বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সূত্ৰে পোৱা তথ্য অনুসৰি গুৱাহাটীৰ বেলতলাৰ পৰা এ এছ০১ জে চি ৬৮৯৮ নম্বৰৰ  আলু ভৰ্তি ট্ৰাকখনৰ মাজত ৩০ বস্তা অবৈধ গুটখা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মণিপুৰ অভিমুখে নি থকা অৱস্থাত ডীলাই আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই উদ্ধাৰ কৰে। আনহাতে  ট্ৰাকখনৰ গৰাকী ৰিজা হাইদৰ বুলি জানিব পৰা গৈছে। সম্প্ৰতি  আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮/৪০৭/৪২০ ধাৰাৰ অধীনত ১৭/২৯ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি অবৈধ গুটখাখিনি জব্দ কৰিছে।

Leave A Reply