Breaking

শব্দ প্ৰদূষণত শীৰ্ষ স্থানত আছে ঢাকা।

0 2,129

বিশ্বত দিনক দিনে বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা।শেহতীয়াকৈ ‘ব্লেজ এণ্ড অমিলছ’ শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ পাইছে এক তথ্য।কোনকেই খন চহৰত আটাইতকৈ প্ৰদূষণৰ মাত্ৰা বেছি।এই প্ৰতিবেদনত পাঁ‌চ খন চহৰৰ নাম প্ৰকাশ পাইছে।শব্দ প্ৰদূষণত বিশ্বৰ ভিতৰতে শীৰ্ষ স্থানত আছে বাংলাদেশৰ ঢাকা। দ্বিতীয়ত স্থানত আছে উত্তৰ প্ৰদেশৰ মুৰাদাবাদ।তৃতীয় স্থানত আছে পাকিস্তানৰ ইছলামাবাদ।চতুৰ্থ স্থানত আছে বাংলাদেশৰ অন্য এখন চহৰ ৰাজশাহী।আনহাতে পঞ্চম স্থানত আছে ভিয়েটনামৰ হো চি মিন চিটি।প্ৰতিবেদন খনত উল্লেখ কৰা হৈছে যে বাংলাদেশৰ ঢাকাত ১১৯ ডিবি আৰু ৰাজশাহীত ১০৩ ডিবি শব্দৰ স্তৰ আছে।যাৰ ফলত বাংলাদেশৰ এই চহৰ দুখনত ভয়ংকৰ মাত্ৰাত বৃদ্ধি পাইছে শব্দ প্ৰদূষণ।প্ৰতিবেদনখনত কোৱা হৈছে যে “গাড়ীৰ শব্দ, উৰণ, ৰে’ল যাতায়ত, যন্ত্ৰপাতি, উদ্যোগ আৰু বিভিন্ন উৎসৱৰ শব্দ প্ৰদূষণে।মানুহৰ শাৰীৰিক আৰু মানসিক সুস্থতাৰ ওপৰত প্ৰভাৱ পেলায়।অৱশ্যে প্ৰতিবেদনখনত তথ্য কেনেদৰে সংগ্ৰহ কৰা হৈছিল।ঢাকাৰ যিকোনো এলেকাত শব্দ প্ৰদূষণ কেনেদৰে গণনা কৰা হৈছিল সেই বিষয়ে উল্লেখ কৰা হোৱা নাই।

বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাৰ কথা উল্লেখ কৰি প্ৰতিবেদনত কোৱা হৈছে যেআৱাসিক এলেকাৰ বাবে অনুমোদিত শব্দৰ স্তৰ হৈছে ৫৫ ডিবি আৰু বাণিজ্যিক এলেকাৰ বাবে ৭০ ডিবি,শব্দ প্ৰদূষণৰ শীৰ্ষ ৫ খন চহৰৰ ভিতৰত ৪ খনেই হৈছে দক্ষিণ এছিয়াৰ।

Leave A Reply