ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়ৰ যুৱ আৰু পাৰিপাৰ্শ্বিক সংঘৰ উদ্যোগত আজি বিশ্ব ধৰিত্ৰী দিৱস উৎসাহ উদ্দীপনাৰে পালন কৰা হয়। বিদ্যালয় ইক’ ক্লাবৰ শিক্ষাৰ্থীসকলৰ সক্ৰিয় অংশগ্ৰহণত দিনজোৰা বিভিন্ন কাৰ্যসূচী সম্পন্ন হয়। পুৱা ৯:২০ বজাত বিদ্যালয়ৰ শৈক্ষিক তত্ত্বাৱধায়ক শ্ৰীযুক্তা ইভাৰাণী চমুৱাইয আনুষ্ঠানিকভাৱে দিৱসটোৰ উদ্বোধন কৰে। উদ্বোধনী ভাষণত তেওঁ পৃথিৱীখনক সুৰক্ষিত ৰখাৰ প্ৰয়োজনীয়তা সম্পৰ্কে শিক্ষাৰ্থীসকলক সচেতন কৰিব পৰাকৈ সাৰুৱা ভাষণ প্ৰদান কৰে।
পুৱা ৯:৩০ বজাত ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ উদ্যোগত আয়োজিত বিশেষ ৱেবিনাৰত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় এই ৱেবিনাৰখনে শিক্ষাৰ্থীসকলক যথেষ্ট অনুপ্ৰাণিত কৰে বুলি জানিব পৰা গৈছে। ৱেবিনাৰৰ পাছতে শিক্ষক, ইক’ ক্লাবৰ তত্ত্বাৱধায়ক মানস প্ৰতিম দত্তই ধৰিত্ৰী দিৱসৰ তাৎপৰ্য সম্পৰ্কে বিশেষ আলোকপাত আগবঢ়ায়। বৰ্তমান বিশ্বৰ পৰিৱেশ সংকট, জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বিষয়সমূহ তেওঁ সহজ সৰলকৈ উপস্থাপন কৰেন।
ইয়াৰ পাছতে মানস প্ৰতিম দত্তৰ জনপ্ৰিয় অনুষ্ঠান “প্ৰকৃতি কাহিনী কথন” সম্পন্ন হয়। অনুষ্ঠানত তেওঁৰ পাৰিপাৰ্শ্বিক গল্প “পোনাকণৰ পৃথিৱী” অত্যন্ত নিটোল আৰু হৃদয়গ্ৰাহী ৰূপত উপস্থাপন কৰেন। গল্পটোৱে শিশু মনত প্ৰকৃতিৰ প্ৰতি ভালপোৱা আৰু দায়িত্ববোধ জগাই তোলাত বিশেষ ভূমিকা পালন কৰিব বুলি উপস্থিত শিক্ষাৰ্থীসকলে মত পোষণ কৰে।
দিনটোৰ কাৰ্যসূচীৰ সামৰণি পৰ্যায়ত আবেলি ২:৩০ বজাত বিদ্যালয়ৰ ইক’ ক্লাবৰ সদস্যসকলে মানস প্ৰতিম দত্ত ৰচিত চুটি নাট “অ’ মোৰ ধৰিত্ৰী আই” মনোমুগ্ধকৰভাৱে মঞ্চস্থ কৰে। নাটখনে দৰ্শকসকলৰ মনত পৰিৱেশ ৰক্ষাৰ বাৰ্তা গভীৰভাৱে সঞ্চাৰিত কৰে।
সামগ্ৰিকভাৱে বিদ্যালয়খনত পালিত ধৰিত্ৰী দিৱসৰ কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলৰ মাজত পৰিৱেশ সচেতনতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

