Breaking

উত্তৰাখণ্ডত ইউনিফৰ্ম চিভিল কোডৰ খচৰাত অনুমোদন ধামী কেবিনেটৰ ! ৬ ফেব্ৰুৱাৰীত বিধানসভাত কৰা হ’ব বিধেয়ক উত্থাপন…

0 20

উত্তৰাখণ্ডত ইউনিফৰ্ম চিভিল কোডৰ খচৰাত অনুমোদন ধামী কেবিনেটৰ, ৬ ফেব্ৰুৱাৰীত বিধানসভাত কৰা হ’ব বিধেয়ক উত্থাপন

ইউনিফৰ্ম চিভিল কোড ৰূপায়ণ কৰা দেশৰ প্ৰথম খন ৰাজ্য হ’বলৈ গৈ আছে উত্তৰাখণ্ড। ৰাজ্য খনৰ পুষ্কৰ সিং ধামী কেবিনেটে দেওবাৰে সন্ধিয়া এখন বৈঠকৰ পিছত ইউনিফৰ্ম চিভিল কোডৰ খচৰাত অনুমোদন জনায় । ধামী কেবিনেটে খচৰাখন অনুমোদন জনোৱাৰ পিছত ইয়াক এখন বিধেয়কৰ ৰূপত বিধানসভাত উত্থাপন কৰা হ’ব। বাতৰি অনুসৰি, আজি সন্ধিয়া মুখ্যমন্ত্ৰী ধামীৰ বাসগৃহত কেবিনেট বৈঠক অনুষ্ঠিত হয়। উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত ইউচিচি খচৰা সমিতিয়ে শুকুৰবাৰে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ ওচৰত খচৰা দাখিল কৰিছিল।চৰকাৰে৬ ফেব্ৰুৱাৰীত বিধানসভাত ইউনিফৰ্ম চিভিল কোড বিধেয়ক উত্থাপন কৰিব। । ইউনিফৰ্ম চিভিল কোডৰ লক্ষ্য হৈছে ৰাজ্যখনৰ সকলো সম্প্ৰদায়ৰ বাবে সুসংগত নাগৰিক নিশ্চিত স্থাপন কৰা।

ইউনিফৰ্ম চিভিল কোডৰ খচৰা প্ৰস্তুত কৰিবলৈ নিযুক্ত কমিটীয়ে শুকুৰবাৰে ডেৰাডুনত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীক খচৰা দাখিল কৰিছিল। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত গঠিত পেনেলে মুখ্য সেৱক সদনত আয়োজিত এক কাৰ্যসূচীত ধামীলৈ ইউচিচিৰ খচৰা দাখিল কৰে। খচৰা দাখিল কৰাৰ পূৰ্বে ধামীৰ চৰকাৰী বাসগৃহৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হয়।

৫-৮ ফেব্ৰুৱাৰীলৈ উত্তৰাখণ্ড বিধানসভাৰ বিশেষ চাৰিদিনীয়া অধিৱেশন অনুষ্ঠিত কৰি ইউ চি চি সন্দৰ্ভত আইন প্ৰণয়ন কৰিব। ইউচিচিৰ খচৰা লাভ কৰাৰ পিছত শনিবাৰে কেবিনেট বৈঠকত অনুমোদন দিব ৰাজ্য চৰকাৰে। ৬ ফেব্ৰুৱাৰীত সদনত বিধেয়কৰ ৰূপত এই খচৰা উত্থাপন হোৱাৰ সম্ভাৱনা আছে। যদি ইউ চি চি কাৰ্যকৰী হয় তেন্তে উত্তৰাখণ্ড স্বাধীনতাৰ পিছত দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ’ব যিয়ে ইউনিফৰ্ম চিভিল কোড গ্ৰহণ কৰিব।


ইউনিফৰ্ম চিভিল কোডৰ প্ৰসংগত ধামীয়ে কয় , ” ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰাৰ উদ্দেশ্যে খচৰা প্ৰস্তুত কৰিবলৈ গঠন কৰা কমিটীয়ে আজি পুৱা ১১ বজাত ডেৰাডুনত খচৰা দাখিল কৰিব। পৰ্যালোচনাৰ অন্তত আমি আগন্তুক সময়ত বিধানসভা অধিৱেশনত এখন বিধেয়ক আনি ৰাজ্যত ইউ চি চি কাৰ্যকৰী কৰাৰ দিশত আগবাঢ়ি যাম।”
উল্লেখ্য ২০২২ চনৰ মে’ মাহত ইউচিচিৰ খচৰা প্ৰস্তুত কৰিবলৈ ন্যায়াধীশ দেশাইৰ নেতৃত্বত পাঁচজনীয়া সমিতি গঠন কৰা হৈছিল। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰমোদ কোহলী, সমাজ কৰ্মী মনু গৌৰ, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য সচিব শত্ৰুঘন সিং আৰু দুন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুৰেখা ডাংৱাল ইউনিফৰ্ম চিভিল কোডৰ খচৰা কমিটিত আছিল।

Leave A Reply