Breaking

ধনশ্ৰী চাহ বাগিছাত যক্ষ্মা আৰু কভিডৰ টিকাকৰণৰ সম্পৰ্কে সচেনতা

0 1,071

১২ফেব্রুৱাৰী ২০২২ তাৰিখে ওদালগুৰি জিলাৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কেন্দ্ৰত ১৫৪দিন ভেকচিনেচন কাৰ্যসূচীত সুকলমে সম্পূৰ্ণ হয় আৰু  বৰ্তমানলৈ সৰ্বমুঠ দুয়োটা পালি মিলি ১০,৬১০পালি ক’ভিড ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হৈছে।এই তথ্য পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলে জানিবলৈ দিয়ে। আনহাতে  ১১ফেব্ৰুৱাৰী লৈকে পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ক’ভিড পৰীক্ষা  কেন্দ্ৰত ১৬৭  সৰ্বমুঠ  গৰাকীক  ক’ভিড পৰীক্ষা অন্তত ক’ভিড পজিটিভৰ সংখ্যা ২৩ জন  আছিল । এই পজিটিভৰ সংখ্যা ১৫ গৰাকীলৈ ক’ভিড পজিটিভৰ সংখ্যা হ্ৰাস পাইছে।

আনহাতে ক’ভিড-১৯ মহামাৰীৰ পৰা সৰ্বসাধাৰণ ৰাইজক সুৰক্ষিত কৰি ৰাখিবলৈ ধনশ্ৰী চাহ বাগিচাৰ স্বাস্থ্য কৰ্মী আৰু কৰ্তিপক্ষ সমূহে   স্বাস্থ্য বিভাগক ১০০ শতাংশ ভেকচিন প্রদান কৰিবলৈ অহৰহ সহাই কৰি আহিছে। ধনশ্ৰী চাহ বাগিচাৰ স্বাস্থ্যকর্মীসকলে গাঁৱে গাঁৱে, ঘৰে ঘৰে গৈ স্বাস্থ্য বিভাগৰ লক্ষ্যত উপনীত হোৱাৰ লক্ষ্যৰে আপ্রাণ চেষ্টা চলাই আহিছে। তেনে সময়তে ওদালগুৰি জিলাৰ  ওৰাং মৌজাৰ  অন্তৰ্গত  ওৰাং খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনস্থ  ৯ফেব্ৰুৱাৰীত ধনশ্ৰী চাহ বাগিচাৰ কেইবাখনো ভিতৰুৱা গাঁৱৰ ৰাইজৰ মাজত স্বাস্থ্য কৰ্মী ভৱেশ শৰ্মা আৰু সহকাৰী পৰিচালক প্ৰাঞ্জল বৰাৰ সহযোগত     ” আশ্বাসন ” আৰু উচ্চাকাঙ্খী জিল্লাৰ সহযোগিতা কর্মসূচিৰ অধীনত পিৰামল স্বাস্থ্যৰ দ্বাৰা যক্ষ্মা আৰু কোভিড টিকাকৰনৰ সম্পর্কে সচেতনতা তথা চলিত ৰোগীক চিনাক্ত কৰন  কায্য সম্পূৰ্ণ ৰূপে  সমাপ্ত  কৰা হয়। ইয়াৰে কায্য সূচী সমুহত   পূৰবী খাকলাৰী-কমিউনিটি এনগেজমেন্ট লিড, মৰমি দৈমাৰী,-ডিস্ট্রিক্ট প্রোগ্রাম লিড, এডিচি কোভিড ভ্যাকশ্বিনেশ্যন,সমৰদীপ বৰ কটকী-কমিউনিটি মোবিলাইজাৰ,জুলিনা বসুমটাৰী-প্যাৰামেডিক্যাল কর্মী, যশোদা পাইক – আশা কৰ্মী,অঞ্জো চাস্নী – আশা কৰ্মী আদিয়ে সহযোগিতা কৰে ৷

Leave A Reply