Breaking

ঢেকীয়াজুলি প্ৰশাসনৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস পালন

0 76

সোমবাৰে দেশৰ প্ৰান্তে-প্ৰান্তে উদ্‌যাপন কৰা হয় বিশ্ব পৰিবেশ দিৱস৷ বিশ্ব পৰিবেশ দিৱস উপলক্ষে ঢেকীয়াজুলি প্ৰশাসনেও অনুষ্ঠিত কৰে বিভিন্ন কাৰ্যসূচী৷

সোমবাৰে ঢেকীয়াজুলি ৰাজহচক্ৰ বিষয়া তন্ময় বৰাৰ তত্ত্বাৱধানত ঢেকীয়াজুলি আৰক্ষী, ঢেকীয়াজুলি বনবিভাগ আৰু ঢেকীয়াজুলি পৌৰসভাৰ যৌথ উদ্যোগত ঢেকীয়াজুলিৰ শ্বহীদ ময়দান,ঢেকীয়াজুলি আৰক্ষীথানাৰ চৌহদৰ লগতে কেইবাটাও স্থানত বৃক্ষৰোপণ কৰাৰ লগতে বৃক্ষৰোপণ আৰু প্ৰকৃতি সুৰক্ষাৰ উদ্দেশ্যে সজাগতা সভা অনুষ্ঠিত কৰে৷

সমান্তৰালভাৱে শোণিতপুৰ জিলাৰ সাংস্কৃতিক সঞ্চালকালয় পকিৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উপলক্ষে ঢেকিয়াজুলিৰ মাজমজিয়াত এখনি বাটৰ নাটো প্ৰদৰ্শন কৰা হয়৷

বৃক্ষৰোপণ কৰাৰ লগতে প্লাষ্টিক আৰু ৰাসায়নিক সাৰ বৰ্জন কৰাৰ বাবে ৰাইজক মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে আয়োজন কৰা বাটৰ নাট খনিৰ শুভ উদ্বোধন কৰে ঢেকিয়াজুলি ৰাজহ চক্ৰ বিষয়া তন্ময় বৰাই৷

উক্ত বাটৰ নাটৰ অনুষ্ঠানটিত ঢেকিয়াজুলি পৌৰ সভাৰ উপ পৌৰনেত্ৰী তুলিকা শ‌ইকীয়া,ঢেকীয়াজুলি আৰক্ষী থানাৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে৷

নাট খনিত অভিনয় কৰে ৰাজু নাথ,গনেশ ডেকা, মনময়ুৰী দাস,ডলি দাস,লিলি ডেকা,প্ৰাঞ্জল বৰদলৈ আৰু সহযোগ কৰে শিবমনি দাস আৰু বিপ্লব বৰুৱাই৷

Leave A Reply