Breaking

মালেছিয়াত অনুষ্ঠিত জুনিয়ৰ শাখাৰ আন্তঃৰাষ্ট্ৰীয় পাঞ্জা খেল প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন ঢেকীয়াজুলিৰ যুৱক পাৰশ লিম্বুৰ

0 74

মালেছিয়াত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় জুনিয়ৰ শাখাৰ পাঞ্জা খেল প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল অসমৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিৰ গড়মাৰা পথাৰ গাঁৱৰ যুৱক পাৰছ লিম্বুৱে৷

উক্ত পাঞ্জা খেলত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় গড়মাৰা পথাৰ গাঁৱৰ বাসিন্দা ভীম বাহাদু লিম্বু আৰু হেমা লিম্বুৰ জ্যেষ্ঠ পুত্ৰ পাৰছ লিম্বুৱে৷৩ অক্টোবৰত মালেছিয়াৰ পৰা পাৰছ লিম্বু শোণিতপুৰ জিলাৰ নিজ গৃহত আহি উপস্থিত হয়৷

ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক অৰ্জনেৰে অসমৰ লগতে অঞ্চলটোলৈ গৌৰব কঢ়িয়াই অনাত আজি উৎফুল্লিত সমগ্ৰ অঞ্চলবাসী৷পাৰছ লিম্বু ঘৰত আহি পোৱাত ৩ অক্টোবৰত অঞ্চলটোত আনন্দৰ বন্যা দেখিবলৈ পোৱা যায়,পাৰছ লিম্বুক লগতলৈ বিভিন্ন দল সংগঠনে উলিয়ালে আনন্দ যাত্ৰা,সমান্তৰালভাৱে পাৰছ লিম্বুক সম্বৰ্ধনা জনায় অসম লিম্বু মহাসভাৰ শোণিতপুৰ জিলা সমিতিৰ লগতে গোৰ্খা ছাত্ৰ সন্থাৰ গড়মাৰা আঞ্চলিক সমিতিয়ে৷

উক্ত সম্বৰ্ধনা কাৰ্যসূচীত অসম লিম্বু মহাসভাৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক চন্দ্ৰ প্ৰসাদ লিম্বু,লিম্বু মহাসভাৰ শোণিতপুৰ জিলাৰ উপ সভাপতি চুৰেন লিম্বু,নৰেন্দ্ৰ লিম্বু,গোৰ্খা ছাত্ৰ সন্থাৰ গড়মাৰা আঞ্চলিকৰ সভাপতি জগত লিম্বুৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ ঢেকীয়াজুলিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি ইমৰান হুছেইনৰ উপৰিও অসংখ্য স্থানীয় ৰাইজ উপস্থিত থাকে৷আজিও পাৰছ লিম্বুৰ ঘৰত অজস্ৰ লোক উপস্থিত হৈ সম্বৰ্ধনা জনাই উজ্জ্বল ভবিষ্যত কামনা কৰে৷

Leave A Reply