Breaking

ধেমেচী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সফল সামৰণি। কৃষক, শিল্পী আৰু খেলুৱৈক সম্বৰ্ধনা

0 14

বৃহত্তৰ ধেমেচীবাসীৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাবিদ বীৰেন বুঢ়াগোহাঁই সোঁৱৰণী প্ৰেক্ষাগৃহত ২১ আৰু ২২ এপ্ৰিলত দুদিনীয়াকৈ আয়োজিত ধেমেচী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ২০২৪ ৰ কালি সফল সামৰণি পৰে। প্ৰথম দিনা কাৰ্যসূচীৰ আৰম্ভণিতে বিহুৱান উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি পদ্মধৰ দত্তই। ইয়াৰ পিছতে ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত গছ পুলি ৰোপন কৰে জ্যেষ্ঠ নাগৰিক ৰাজেশ্বৰ চেতিয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক খগেন চৌধুৰী, প্ৰদীপ বৰগোহাঁই, বেজপথাৰৰ গাঁও প্ৰধান প্ৰেমলতা বৰুৱা, সমাজকৰ্মী ৰাজেন চাংমাইয়ে । ইয়াৰ পিছতে চিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে কুসুম কলা কেন্দ্ৰৰ অধ্যক্ষ ধ্ৰৱসিংহ সন্দিকৈয়ে। কণী যুঁজ প্ৰতিযোগিতাৰ উদ্বোধন কৰে সমাজকৰ্মী শৰৎ চেতিয়াই।

একক প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে সমাজকৰ্মী বসন্ত ফুকনে। প্ৰথম দিনা মঞ্চত চিত্ৰাংকন, ঢোলবাদন, পেঁপা বাদন সৰু বিহুৱতী আৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয় । কণী যুঁজ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে নামতি শলগুৰিৰ মাধুৰ্য বৰা আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে নিতাইপুখুৰীৰ বিমান কোঁৱৰে। সৰুবিহুৱতী প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে মৰাণৰ নমন্যা দত্তই। দ্বিতীয় পুৰস্কাৰ লাভ কৰে মাৰ্ঘেৰিটাৰ গাৰ্গী বৰুৱাই আৰু তৃতীয় স্থান লাভ কৰে খোৱাঙৰ জ্যোতিস্মিতা চেতিয়াই। ঢোলবাদনত প্ৰথম পুৰস্কাৰ লাভ কৰে নাহৰকটীয়াৰ অগ্নিভৰাজ গগৈয়ে। দ্বিতীয় পুৰস্কাৰ লাভ কৰে ডিমৌৰ তাইচেংমুং ফুকনে। তৃতীয় পুৰস্কাৰ লাভ কৰে ডিমৌৰ কাব্যম শেনছোৱাই আৰু উদগণি মূলক পুৰস্কাৰ লাভ কৰে তনখাম ফুকনে। পেঁপা বাদনত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে আকাশ গগৈ, নিপ বৰা আৰু ঋতুৰাজ গগৈয়ে। ইফালে বিহুৱতী প্ৰতিযোগিতাত দ্বৈতভাৱে শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰে ৰাজগড়ৰ পাহাৰী কন্যা গগৈ আৰু মৰাণৰ স্নেহা চাংমাইয়ে। প্ৰথম দিনা বিহু হুঁচৰি প্ৰদৰ্শন কৰে ক্ৰমে ধেমেচী হালধিবাৰী আইচেং চেমনীয়া হুঁচৰি দল, চাইৰুং আৰু নাংচেং হুঁচৰি দলে।

জেং বিহু প্ৰদৰ্শন কৰে কলালোৰ কোঁচ গাঁৱৰ নাহৰ জেং বিহু দলে। বিহৰ মঞ্চতে উদযাপন সমিতিয়ে ধেমেচী অঞ্চলৰ কৃষক যোগেশ বুঢ়াগোহাঁই, বেজপথাৰৰ খগেশ্বৰ বৰা, কলালোৰ কোঁচগাঁৱৰ ভাস্কৰ্য শিল্পী ত্ৰিলোচন দত্ত, পদুমণিৰ যাদৱ দত্ত, প্ৰাক্তন ৰাষ্ট্ৰীয় হেণ্ডবল খেলুৱৈ মমী লাহন, সাংস্কৃতিক কৰ্মী ইন্দ্ৰেশ্বৰ সন্দিকৈ, জ্যেষ্ঠ ঢুলীয়া গুণকান্ত চেতিয়াক সম্বৰ্ধনা জনায়। ইফালে সাংস্কৃতিক কৰ্মী লাচিত বৰাক সম্বৰ্ধনা জনোৱাৰ লগতে তিনি হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়।‌ কালি দ্বিতীয় দিনা আৰম্ভণি বিহুতলীত বিহু প্ৰদৰ্শন কৰে লেঙেৰী চহৰিকটাৰ সোণোৱাল কছাৰী লেচেৰি বিহু দলৰ লগতে নিমাইজানৰ সন্মিলিত হুঁচৰি দল আৰু মৰাণৰ ৰংমন এনাজৰী দলে। নিশা অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মোহনলাল উপাধ্যায়ে। উদযাপন সমিতিৰ সভাপতি পদ্মধৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত টাইপাৰ সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই, উপ সভাপতি উত্তম দিহিঙীয়া, সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি পংকজ বৰা, পুৰ্বাঞ্চল তাই সাহিত্য সভাৰ সদস্য টুপীধৰ চাংমাই , সমাজকৰ্মী কন্দৰ্প সাগৰ দিহিঙীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক ৰমা চেতিয়া, জ্যেষ্ঠ মহিলা সোণমাই ফুকন, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি দিপুল বৰগোহাঁই, শৈলেন দিহিঙীয়া, অতুল চাংমাই, সম্পাদক পুষ্পধৰ শেনছোৱা , মৃদুল বুঢ়াগোহাঁই, জয়ন্ত চেতিয়াকে ধৰি উদযাপন সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে। ইয়াৰ পিছতে হাজাৰ হাজাৰ দৰ্শকৰ আগত অনুষ্ঠান পৰিবেশন কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বিউতি বাইলুং খ্যাত চুমকি কচাৰীয়ে । নিশালৈ গীত পৰিৱেশন কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দুলীয়াজানৰ মাইনা হিমাদ্ৰীয়ে। দুয়োগৰাকী শিল্পীয়ে ধেমেচীবাসীক আপ্লুত কৰে আৰু এক অনন্য সাংস্কৃতিক পৰিবেশৰ সৃষ্টি কৰে। উল্লেখ্য যে সন্মিলনৰ প্ৰথম দিনটো ৰাইজৰ সুবিধাৰ্থে বিনামূলীয়া চকু পৰীক্ষাৰ সেৱা আগবঢ়ায় শিৱসাগৰ অপেক্ষা চিকিৎসালয়ে আৰু স্বাস্থ্য পৰীক্ষাৰ সেৱা আগবঢ়ায় খোৱাং মহকুমা চিকিৎসালয়ৰ আৰু ধেমেচী উপ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা কৰ্মীসকলে। ইফালে ধেমেচী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ দুয়োটি দিনৰ অনুষ্ঠানত ঘোষিকা ৰূপে অংশগ্ৰহণ কৰে ধেমেচীৰ সুস্মিতা শেনছোৱা আৰু গৌৰাংগী চেতিয়াই।

Leave A Reply