Breaking

ধিং আৰক্ষীয়ে সৰু ৰাধাআটিৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজনক আটক …

0 84

সম্প্ৰতি ৰাজ্যৰ আন ঠাইৰ লগতে নগাঁও জিলাৰ ধিঙতো অব্যাহত আছে প্ৰশাসনৰ ড্ৰাগছ বিৰোধী অভিযান ৷ প্ৰশাসনৰ এনে ধাৰাবাহিক অভিযানত আটক হৈছে এটাৰ পিছত এটাকৈ ড্ৰাগছ সৰবৰাহকাৰী ৷ উদ্ধাৰ হৈ আহিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ শেহতীয়াকৈ আজি এক গোপন সূত্ৰৰ পম খেদি চলোৱা ধিং আৰক্ষী আৰু চি আৰ পি এফৰ ৩৪ নং বেটেলিয়নৰ যৌথ অভিযানত ধিঙৰ সৰু ৰাধাআটিৰ পৰা এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ৱাচিকুল ইছলাম ৷ ৱাচিকুলৰ পৰা আৰক্ষীয়ে ৪০ গ্ৰাম ড্ৰাগছ, নগদ একলাখ টকা লগতে এখন এ এচ ০ ২ এ এফ ৩১১৪ (AS02AF 3114) নম্বৰৰ পালচাৰ মটৰচাইকেল জব্দ কৰে ৷ বিগত বহুদিন ধৰি ৱাচিকুলে আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহ কৰি অহাৰ অভিযোগ আছে । বৰ্তমান ধিং আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৱাচিকুলৰ ওপৰত ।

Leave A Reply