Breaking

ধুবুৰীত পুনৰ আৰক্ষীৰ অভিযান, ড্ৰাগছ ব্যৱসায়ী লৈ আৰক্ষীৰ গুলি

0 1,019

ধুবুৰীত ড্ৰাগছৰ বিৰুদ্ধে শণিবাৰে নিশা আৰক্ষীৰ চলিল ব্যাপক অভিযান। শনিবাৰে নিশা দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ীলৈ পুনৰ আৰক্ষীৰ গুলী। গুলীত আহত হয় এজন ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ গুলীত আহত হৈছে বেল্লাল শেখ।  আৰক্ষীয়ে এই সংক্ৰান্তত ধুবুৰী সদৰ থানাত, মুঠ চাৰিটা গোচৰ ক্ৰমে,  গোচৰ নং  1. Dhubri PS case No.366/21 U/S 22(c) NDPS act. 2. Dhubri PS case No.1102/21U/S 306 IPC3. Dhubri PS case No.562/21U/S 273/448/325 IPC.4. Dhubri PS case 1156/20 U/S 22(c) NDPS Act. আইনৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে।  আৰক্ষীৰ গুলীত আহত  বেল্লাল শেখ বৰ্তমান ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। 

আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষী চকীৰ উপ – পৰিদৰ্শক দেৱান ৰহিজুদ্দিনৰ নেতৃত্বত এটি সজাতী দলে, ড্ৰাগছ সৰবৰাহকাৰী বেল্লাল শেখৰ ঘৰত তলাচি চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। আৰক্ষীয়ে, বেল্লাল শেখক ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ গৌৰীপুৰ লৈ গৈছিল যদিও পলাবলৈ চেষ্টা কৰিছিল বেল্লাল শেখ। আৰক্ষীয়ে নিৰ্দেশ দিয়াৰ পাছতো পুনৰ পলাবলৈ চেষ্টা চলোৱাত আৰক্ষীয়ে, উপায়হীন হৈ ব্যক্তি গৰাকীৰ ভৰিলৈ লক্ষ্য কৰি এক ৰাউণ্ড গুলি চলাব লগা হয়।আৰক্ষীৰ গুলীত ভৰিত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হৈ ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীৰ গুলীত আহত হোৱা ধুবুৰীৰ চহৰৰ ১৪ নং ওৱাৰ্ডৰ বাসিন্দা মৃত আফছাৰ শেখৰ পুত্ৰ বেল্লাল শেখ।

Leave A Reply