Breaking

বাইচাইকেলেৰে ধেমাজি পৰা উত্তৰাখণ্ডৰ কেদাৰনাথত উপস্থিত হোৱা লক্ষ‍্যজ্যোতি দত্ত আৰু ৰাজদীপ কলিতাক সম্বৰ্ধনা ধেমাজি আছুৰ

0 2,038

ড্ৰাগছ আৰু দুৰ্নীতি মুক্ত সমাজ গঢ়াৰ সজাগতা উদ্দেশ্য যোৱা ১৭ আগষ্ট , ২০২১ তাৰিখে ধেমাজি পৰা বাইচাইকেলেৰে প্ৰায় ২৬৫২ কিলোমিটাৰ যাত্ৰা কৰা ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ বিষয় ববীয়া লক্ষ‍্য জ্যোতি দত্ত আৰু জে বি আইন মহাবিদ্যালয়ৰ আইনৰ ছাত্র ৰাজদীপ কলিতা ১৯ চেপ্তেম্বৰ ৰাতি সুদুৰ উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰত উপস্থিত হয় । তেওঁলোকে বৰ্তমান সময়ত বাইচাইকেল চলাই ইমান দীঘলীয়া দু সাহসিক যাত্ৰা কৰে ।
তেওঁলোকক আজি সন্ধিয়া ধেমাজি আঞ্চলিক ছাত্র সন্থাই শ্বহীদ উদ্যানত সম্বধনা জনোৱা হয় । সম্বধনা অনুস্থানত উপস্থিত থাকে সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মা , সাধাৰণ সম্পাদক কল‍্যাণ গগৈ , সহকাৰী সম্পাদক সঞ্জীৱ দাস , ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ সভাপতি জয়ন্ত বৰগোঁহাই , সাধাৰণ সম্পাদক কৰুণ জ্যোতি চেতিয়া ।

Leave A Reply