ডায়েবেটিছ ৰোগীৰ বাবে বহু ধৰণৰ স্বাস্থ্যসন্মত খাদ্য সামগ্ৰীৰ পৰামৰ্শ দিয়া হয়, কিন্তু আপুনি কেতিয়াবা নিৰামিষ চুপ খাই চাইছেনে; যিয়ে তেজৰ চেনি হ্ৰাস কৰিব পাৰে।(Diabetes Patient)
ডায়েবেটিছ ৰোগীৰ জীৱনটো অতি কঠিন, কাৰণ অলপ অস্বাস্থ্যকৰ খাদ্য খালেও ব্লাড চুগাৰৰ পৰিমাণ বৃদ্ধি পায়। বিশেষকৈ যিসকল ডায়েবেটিছ ৰোগীয়ে প্ৰচেছড মাংস আৰু ৰঙা মাংস আদি খাদ্য খায়, তেওঁলোকৰ বাবে এই আশংকা আৰু বেছি। কাৰণ এনে খাদ্যই কলেষ্টেৰল বৃদ্ধি কৰি বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ বিপৰীতে বহুতো শাক-পাচলি খাদ্য চেনি ৰোগীৰ বাবে স্বাস্থ্যকৰ বুলি কোৱা হয়, কাৰণ ইয়াৰ ফলত অসুস্থ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যদি আপুনি কিছুমান বিশেষ ধৰণৰ নিৰামিষ চুপ খায়, তেন্তে গ্লুক’জৰ মাত্ৰা হ্ৰাস কৰাটো সহজ হ’ব পাৰে।
যেনে ধৰক-
১/ বিলাহীৰ চুপ-
বিলাহীৰ চুপ প্ৰস্তুত কৰিবলৈ বিলাহী, আধা চামুচ জলকীয়া গুৰি, নিমখ আৰু এচামুচ পিহি লোৱা নহৰু ল’ব। এতিয়া গেছৰ ওপৰত কেৰাহী এটা দি একাপ পানী দি সকলো সামগ্ৰী দি ভালকৈ উতলিব দিব। এতিয়া মিশ্ৰণটো কম জুইত ৰান্ধিব। তাৰ পিছত গেছৰ পৰা উলিয়াই ঠাণ্ডা হোৱালৈ অপেক্ষা কৰক। এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত মিশ্ৰণটো মিহলাই লওক। এতিয়া আকৌ এবাৰ গেছত দি গৰম কৰি ক’লা নিমখ দি এটা বাটিত পৰিবেশন কৰক।
২/ ৰঙা মচুৰ দাইলৰ চুপ
মচুৰ দাইল খাইয়ে থাকে, কিন্তু ইয়াৰ চুপ কেতিয়াবা খাইছেনে? ইয়াৰ বাবে তিয়াই থোৱা ৰঙা মচুৰ দাইল, পিয়াঁজ, বিলাহী, কেপচিকাম লৈ সকলোবোৰ পানীৰ সৈতে কেৰাহীত ১০ মিনিট উতলাব। শেষত সোৱাদৰ বাবে ওপৰত অৰেগানো পাত দিব। সম্পূৰ্ণ সিজাৰ পিছত এটা বাটিত পৰিবেশন কৰক।
৩/ মাচৰুমৰ চুপ(Mushroom Soup)
কাঠফুলাৰ চুপ খালে ব্লাড চুগাৰৰ মাত্ৰা হ্ৰাস কৰিব পাৰি। ইয়াৰ বাবে একাপ কাঠফুলা, এক চামুচ ঘেঁহুৰ আটা, আধা কাপ গাখীৰ, আধা কাপ কটা পিঁয়াজ, এক চামুচ তেল আৰু ৰুচি অনুসৰি নিমখ লওক। এতিয়া কেৰাহীখন গেছৰ ওপৰত থৈ কম জুইত পিয়াঁজখিনি দিব। এতিয়া আধা কাপ পানী কেৰাহীত সকলো সামগ্ৰীৰ সৈতে দিব। ৬ৰ পৰা ৭ মিনিট ৰন্ধাৰ পিছত গেছ বন্ধ কৰি দিব। এতিয়া এই মিশ্ৰণটো গাখীৰত দি মিহলাই দিব। এতিয়া কেৰাহীত ৰন্ধন তেল দি এই মিশ্ৰণটো কম জুইত ৰান্ধি এটা বাটিত উলিয়াই পৰিবেশন কৰক।