Breaking

লাহোৱালত ডিব্ৰুগড় জিলা এন পি এছ কৰ্মচাৰী সন্থাৰ সজাগতা সভা

0 1,293

মদাৰখাত, ১৫ ডিচেম্বৰ: সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত লাহোৱাল বালিকা বিদ্যালয়ত এখন সজাগতামূলক সভা সম্পন্ন হয়। ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ডিম্বেধৰ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে জিলা কাৰ্যনিৰ্বাহক যুগল কোঁৱৰে। ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক তথা জিলা সমিতিৰ মুখ্য উপদেষ্টা ড° জয়দেৱ গগৈয়ে চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতিয়ে কেতিয়াও ভৱিষ্যত সুৰক্ষিত নকৰে বুলি কয়। এই ব্যৱস্থা শ্বেয়াৰ বজাৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে সাম্ভাৱ্য অনিশ্চয়তাৰ কথা বিতংভাৱে অৱগত কৰে। চলকাৰক এই ব্যৱস্থাৰ সংশোধন কৰি পুৰণি পেঞ্চন ব্যৱস্থাকে কৰ্মচাৰীৰ কল্যানাৰ্থে বাহাল ৰাখিবলৈ আহ্বান জনায়। সুকুমাৰ ঘোষে সভাত এন পি এছ কৰ্মচাৰীৰ অৱসৰকালীন পেঞ্চনৰ বিষয়ে তথ্য সহকাৰে ব্যাখ্যা কৰে। ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক অনিল সিংহই কৰ্মচাৰী পৰিষদে এন পি এছৰ বিৰুদ্ধে মাত মাতি আহিছে আৰু ভৱিষ্যতেও প্ৰচেষ্টা অব্যাহত থাকিব বুলি কয়। তেওঁ যৌথ সংগ্ৰামৰো পোষকতা কৰে। ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক, সমল ব্যক্তি তথা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি কেশৱানন্দ হালৈয়ে এন পি এছ কি আৰু ই কেনেদৰে অৱসৰকালত প্ৰযোজ্য হ’ব তাক বিতংভাৱে বিশ্লেষণ কৰে। নতুন পেঞ্চন নীতি কেতিয়াও কৰ্মচাৰীৰ হিতাৰ্থে নহয় বুলি উল্লেখ কৰি ভৱিষ্যতত ই অন্ধকাৰহৈহে পৰিব বুলি কয়। সেয়ে চৰকাৰক পুনৰ পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তন কৰিবলৈ দাবী জনাই কৰ্মচাৰীৰ ভৱিষ্যতৰ অৱসৰকালীন সময়ছোৱা সুৰক্ষিত কৰিবলৈ আহ্বান জনায়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ গগৈয়ে এন পি এছৰ বিৰুধিতা কৰি অহাৰ লগতে অনাগত দিনত সহযোগিতা থাকিব বুলি বক্তব্য ৰাখে। সজাগতামূলক সভাতেই সংগ্ৰামখন শক্তিশালী কৰাৰ স্বাৰ্থত পূণ্য গোঁহাই দত্তক সভাপতি, ৰাজীৱ দাসক উপ সভাপতি, দিগন্ত গোঁহাইক সম্পাদক, মৃদুল কলিতাক সহ সম্পাদক হিচাপে লৈ লাহোৱাল আঞ্চলিক সমিতিখন গঠন কৰা হয়। সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সাংগঠনিক সম্পাদক বিশ্বজিত গগৈ, সদৌ অসম এন পি এছ কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক মৌচুমী দেউৰী ফুকন, জিলা সম্পাদক মনোজ মহন, যুটীয়া সম্পাদক নন্দৰাম তাঁতীৰ লগতে জিলা বিষয়ববীয়াসকলে অংশ গ্ৰহণ কৰে।

Leave A Reply