ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও শিক্ষকৰ

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিভিন্ন দাবীৰ পৰিপ্ৰেক্ষিতত তিনি ঘণ্টীয়া কাৰ্যালয় ঘেৰাও কাৰ্যসূচী সমগ্র অসমৰ লগতে ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰা হয়। প্ৰধান শিক্ষক পদ সৃষ্টি, স্নাতক শিক্ষকৰ ৮৭০০ গ্ৰেড পে পুনৰ ঘূৰাই দিয়া, ঠিকাভিত্তিক শিক্ষকৰ পদ নিয়মীয়া কৰা, এন পি এছ বাতিল কৰি পুৰণি পেঞ্চন বাহাল ৰখা আদিৰ দাবীৰ সমৰ্থনত কাৰ্যসূচী সম্পন্ন হয়। ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পুষ্পধৰ তামুলী, সম্পাদক পংকজ বড়াৰ নেতৃত্বত অনুষ্ঠিত কাৰ্যসূচীত অখিল ভাৰতীয় শিক্ষক সংঘৰ সদস্য অজিত খনিকৰ, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যিক সদস্য নীলাক্ষি গগৈয়ে চৰকাৰৰ অমনোযোগিতাক তীব্র সমালোচনা কৰাৰ লগতে অতি সোনকালে দাবী পূৰণ কৰিবলৈ আহ্বান জনাইছে। শিক্ষকসকলে তীব্র প্রতিবাদ কৰি নিজৰ অধিকাৰৰ বাবে বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰাটোৱে যথেষ্ট তাৎপর্য বহন কৰিছে। উল্লেখ্য যে বিগত ৩৭ বাৰ প্ৰধান শিক্ষক পদৰ সন্দৰ্ভত আলোচনা হয় যদিও আজিও সমাধান নোহোৱাকৈ থকাটোৱে প্ৰাথমিক শিক্ষকক উপেক্ষা কৰা বুলি সন্মিলনীয়ে অভিযোগ কৰিছে। লগতে স্নাতক শিক্ষকৰ গ্ৰেড পে ৮৭০০ টকা ১৭ মাহ আদায় দি পুনৰ উভতাই লোৱাটোৱে প্ৰাথমিক শিক্ষকৰ তীব্র অসন্তোষ্টি সৃষ্টি কৰিছে। ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষা বিষয়া দেবজ্যোতি গগৈৰ হাতত জিলা সমিতিৰ বিষয়ববীয়াই স্মাৰক পত্র প্ৰদান কৰে।

Related Articles