Dibrugarh News: ডিব্ৰুগড়ত কৰুণাধাৰাৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱসত ডাঃ নৰেশ্বৰ শৰ্মা

ব্যক্তি স্বাৰ্থ অবিহনে উন্নয়নো সম্ভৱ নহয়৷ (Dibrugarh News)কিন্তু সৰহ সংখ্যক কামৰ ক্ষেত্ৰত ব্যক্তিগত স্বাৰ্থৰ লগতে সামূহিক স্বাৰ্থও নিহিত হৈ থাকে৷ কোনো কামত স্বাৰ্থ নেথাকিলেও আত্মতৃপ্তিৰ কথাও জৰিত হৈ থাকে৷ ইয়াৰ লগত ত্যাগৰ মনোভাৱো থাকিব লাগিব৷ কাৰণ আপোনালোক আছে বাবেই মই আছো, অৰ্থাৎ আই এম বিকাউজ ইউ আৰ৷ এই বক্তব্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জিতেন হাজৰিকাৰ৷ আজি ডিব্ৰুগড়ত ন্যাসৰ ডিব্ৰুগড় জিলা সমিতিৰ আতিথ্যত আয়োজিত মানৱ কল্যাণ অনুষ্ঠান ‘কৰুণাধাৰা ন্যাস’ৰ পঞ্চদশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰদান কৰা নাতিদীৰ্ঘ ভাষণত এই কথা উল্লেখ কৰি উপাচাৰ্যগৰাকীয়ে কৰুণাধাৰা ন্যাসৰ দ্বাৰা সম্পাদিত কল্যাণমূলক কামৰ শলাগ লৈ বিশেষকৈ নতুন প্ৰজন্মক এনেধৰণৰ অনুষ্ঠানৰ স’তে জৰিত হোৱাৰ বাবে আহ্বান জনায়৷

চহৰখনৰ মানকটা পথৰ কছাৰীবাৰীস্থিত আউনীআটী শাখা সত্ৰ প্ৰেক্ষাগৃহত ৰাজ্যখনৰ মঙলদৈ, গুৱাহাটী, যোৰহাট, লক্ষীমপুৰ, ঢকুৱাখনা, দুলীয়াজান, ডেৰগাঁও, তিনিচুকীয়াৰ ডেৰ শতাধিক হৃদয়বান ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত উক্ত সভাত ‘বিশেষভাৱে সক্ষমসকলৰ বাবে সামাজিক চিন্তা’ শীৰ্ষক বিষয়ক ভাষণ প্ৰদান কৰি এএমচিএইছৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে কয় যে সকলোৱে যদি নিজা নিজা ক্ষেত্ৰৰ পৰা বিশেষভাৱে সক্ষমসকলৰ বাবে কাম কৰে তেন্তে সেয়াই তেওঁলোকৰ বাবে সমাজিক চিন্তা অথবা কাম৷

আজিৰ সমাজত যিসকল বিশেষভাৱে সক্ষম লোক প্ৰত্যক্ষ কৰিছো সেয়া তেনেই কমসংখ্যক৷ তেওঁলোকৰ দৰে যাতে পৃথিৱীলৈ নতুন প্ৰজন্ম আহিব নোৱাৰে তাৰবাবে মাতৃগৰ্ভতে চিনাক্ত কৰি চিকিৎসা কৰাৰ বাবে এটা কেন্দ্ৰ শীঘ্ৰেই অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰতিষ্ঠা হ’ব বুলিও তেওঁ বক্তব্যত উল্লেখ কৰে৷ সভাৰ উদ্দেশ্য ব্যাখ্যাত ‘কৰুণাধাৰা ন্যাস’ৰ সচিব [অৰ্থ সাহাৰ্য্য] ডাঃ নৰেশ্বৰ শৰ্মাই বিগত চৈধ্যটা বৰ্ষত ‘কৰুণাধাৰা ন্যাস’ৰ কাম-কাজৰ সম্পৰ্কত চমুকৈ আলোকপাত কৰি কয় যে বৰ্তমানলৈকে ৰাইজৰ দ্বাৰা সংগৃহীত ধনেৰে ২,৭১৮ গৰাকী ব্যক্তিক ৪ কোটি ৭৩ লাখ ৩৮ হেজাৰ ৭৮১ টকা সাহাৰ্য্য হিচাপে প্ৰদান কৰা হৈছে৷ ইয়াৰ লগতে বিশেষভাৱে সক্ষম সকলৰ বাবে ন্যাসৰ তৰফৰ পৰা অঞ্চলভেদে বহুকেইটা আঁচনি গ্ৰহণ কৰা হৈছে৷ তদুপৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰি ইতিমধ্যে ‘অপৰাজেয়’ আৰু ‘মন’ নামৰ দুখন গ্ৰন্থও প্ৰকাশ কৰা হৈছে৷ ন্যাসৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক ৰতন হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰা আৰু কাৰ্যকৰী সভাপতি জ্যোতিশংকৰ চলিহাই আঁতধৰা সভাত কৰুণাধাৰা ন্যাসৰ সভাপতি প্ৰতুল ফুকনে কয় যে কৰুণাধাৰা ৰাইজৰ অনুষ্ঠান৷ এই অনুষ্ঠানটোৱে মানুহৰ মনত ক্ৰমান্বয়ে নাইকিয়া হৈ যাবধৰা কৰুণাৰ ভাৱ পুনৰ ঘুৰাই অনাৰ বাবে অহৰহ চেষ্টা চলাই আহিছে৷

এই প্ৰচেষ্টাত সকলোকে চামিল হ’বৰ বাবে তেওঁ সকলোকে আহ্বান জনায়৷ সভাত ন্যাসৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি প্ৰণয় ফুকনেও ভাষণ প্ৰসংগত কয় যে অসমত দহ লাখৰো অধিক বিশেষভাৱে সক্ষম লোক আছে৷ এই লোক সকলক সহায়ৰ বাবে এক সংেবদনশীল মনৰ প্ৰয়োজন৷ সেয়ে কৰুণাধাৰাৰ জৰিয়তে এই লোক সকলক সহায়ৰ হাত আগবঢ়াবৰ বাবে তেওঁ সকলোকে আহ্বান জনায়৷ সভাত কৰুণাধাৰাৰ মঙলদৈৰ সদস্য শেখৰ মজুমদাৰেও নিজৰ অভিমত ব্যক্ত কৰে৷ কৰুণাধাৰাৰ শীৰ্ষ গীত পৰিৱেশনেৰে আৰম্ভ হোৱা সভাত মানৱ কল্যাণৰ হকে কাম কৰি অহা ডিব্ৰুগড় জিলাৰ দুটি মানৱ কল্যাণকামী অনুষ্ঠান ক্ৰমে কেঞ্চাৰ প্ৰতিৰোধ আৰু সজাগতাৰ হকে কাম কৰি অহা ডিব্ৰুগড়ৰ প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট আৰু মৰাণস্থিত মৰাণ অন্ধ বিদ্যালয়ক প্ৰশংসাপত্ৰ, স্মাৰক, অংগবস্ত্ৰ আৰু গাইপতি পচিশ হেজাৰ টকাৰ চে’ক প্ৰদানেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ উল্লেখ্য যে এই ধনৰাশি প্ৰদান কৰে ক্ৰমে গুৱাহাটীৰ অজিত হাজৰিকা, অনুুপ হাজৰিকা আৰু গুৱাহাটীৰ হীৰেন চহৰীয়াই৷ ‘প্ৰতিশ্ৰুতি’ৰ হৈ ডাঃ গায়ত্ৰী গগৈ আৰু অন্ধ বিদ্যালয়ৰ হৈ বিদ্যালয়খনৰ প্ৰশাসক নৰেশ যোশীয়ে নিজৰ অনুভৱ ব্যক্ত কৰে৷

এই অনুষ্ঠানৰ আঁত ধৰে ন্যাসৰক্ষী ডাঃ ৰুবী কটকীয়ে৷ সভাত বিশেষভাৱে সক্ষমসকলৰ হৈ অনাঁতাৰ শিল্পী অশ্বিনী শইকীয়াই বাঁহী বাদন, সুলক্ষণা কৌশিকে আধুনিক গীত পৰিৱেশনৰ লগতে লেখক তথা শ্বেয়াৰ বজাৰৰ স’তে জৰিত ছাত্ৰ সৃজন কাশ্যপে নিজৰ অভিমত ব্যক্ত কৰাৰ উপৰিও অন্ধ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা কোৰাছে সকলোকে আপ্লুত কৰে৷ কৰুণাধাৰা ন্যাসৰ ন্যাসৰক্ষী দেৱজিত হাজৰিকাই শলাগ জ্ঞাপন কৰা সভাত ন্যাসৰক্ষী ৰূপালী কলিতাকে ধৰি ডিব্ৰুগড় জিলা সহায়ক সমিতিৰ যুটীয়া সম্পাদক নকুল খাউণ্ড, কোষাধ্যক্ষ সমীৰ কুমাৰ শৰ্মাকে ধৰি ডিব্ৰুগড়ৰ বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷ উক্ত সভাতেই অচিতপুৰ চাহ বাগিচাই কৰুণাধাৰালৈ দহ হেজাৰ টকাৰ সাহাৰ্য্য আগবঢ়ায়৷ ইয়াৰ পূৰ্বে পুৱাৰ ভাগত ন্যাসৰ সভাপতি প্ৰতুল ফুকনে পতাকা উত্তোলন কৰাৰ পিছত কৰুণাধাৰাৰ প্ৰতিষ্ঠাতা হোমেন বৰগোহাঞি আৰু নিশিনাথ চাংকাকতিৰ প্ৰতিচ্চবিৰ সন্মুখত উপস্থিত অতিথিসকলে পুস্পাৰ্ঘ অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে৷

Related Articles