Breaking

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ দেহত অমিক্ৰণৰ আশংকা!

0 92

সমগ্ৰ বিশ্বতে এতিয়া ক’ৰোনাৰ অমিক্ৰনৰ আতংক!আকৌ এনেবোৰ সময়তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্রৰ দেহত অমিক্ৰনৰ সন্দেহ ঘনীভূত হোৱাত ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি হৈছে।আকৌ বহুতৰে আশংকা ডিব্ৰুগড় পালেহি নেকি অমিক্ৰম?জানিব পৰা মতে দক্ষিণ আফ্ৰিকাৰ পৰা অহা এজন ছাত্ৰৰ দেহত প্ৰাথমিক পৰীক্ষাত অমিক্ৰনৰ সন্দেহ হৈছে যদিও এতিয়াও সুস্পষ্ট হোৱা নাই।প্ৰায় এসপ্তাহৰ পূৰ্বে দক্ষিণ আফ্ৰিকা পৰা আহিছিল ছাত্র জন।

আফ্ৰিকা মহাদেশৰ টানঞ্জানিয়াৰ পৰা অহা এজন মনিপুৰৰ ব্যক্তিৰ দেহত অমিক্ৰন ধৰা পৰাৰ কথা ভাৰতীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে ইতিমধ্যে সদৰী কৰিছে।সন্দেহযুক্ত ছাত্ৰ গৰাকীৰ লাহোৱালৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ পৰীক্ষাগাৰত পজিটিভ ধৰা পৰাত যোৰহাটলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে নমুনা।

বৰ্তমানে ডিব্ৰুগড়ৰ জকাই ক’ভিড হস্পিটেলৰ আইচলেশ্যনত ৰখা হৈছে ছাত্র জনক।জানিব পৰা মতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফাৰ্মাষ্টিটিকেল চাইঞ্চত অধ্যয়নৰত আছিল ছাত্র জন।এই সৰ্ম্পকত ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ ক’ভিডৰ নৰ্ডেল বিষয়া ডা° নৱজ্যোতি গগৈয়ে জানিবলৈ দি কয়—ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ পূৱ আফ্ৰিকাৰ পৰা আহিছিল আৰু সংগ্ৰহ কৰা চেম্পলত পজিটিভ পোৱা গৈছিল।যেতিয়া লাহোৱালৰ আই চি এম আৰত চেম্পলটোৰ চিকুৱেঞ্চিং কৰা হয়,তেতিয়া কিছু সন্দেহ হয় আৰু ৰোগী গৰাকীৰ চিটি ভ্যেলু ৩২ আছিল।সেয়ে কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কন্টেক্ট ট্ৰেচিং কৰাত ৰাজ্যৰ বাহিৰৰ এজনৰ ৰেট পজিটিভ পোৱা হয়।কিন্তু সেইজনৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাছিল।পাছত সংগ্ৰহ কৰা সকলো চেম্পল চিকুৱেঞ্চিং কৰি থকা হৈছে।কিছু সন্দেহ হোৱাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হয় আৰু চাৰিদিনৰ ভিতৰতে ফলাফল পাম বুলি চিকিৎসা বিষয়া ডাঃ নৱজ্যোতি গগৈয়ে সদৰী কৰে। এই সময়ত অমিক্ৰনেই হওক বা ডেল্টা ভেৰিয়েন্ট;সেয়া কোনো ডাঙৰ কথা নহয় বুলি ডাঃ গগৈয়ে উল্লেখ কৰি পুনৰাই কয়-কথাতো হল যে,অমিক্ৰনেই হওক,ডেল্টাই হওক বা ইউ কে ভেৰিয়েন্ট।মুঠৰ ওপৰত চিকিৎসা একেধৰণৰ।মাত্ৰ কাৰোবাৰ বাবে কম বা বেছি।সেয়ে জনসাধাৰণে অতি সচেতন আৰু সজাগ নহলে কিন্তু অতি কম সময়ৰ ভিতৰত এই অমিক্ৰন ৰোগ বিয়পি এক বিভীষিকাময় পৰিস্থিতিৰ স্বৃষ্টি কৰিব পাৰে আৰু যিটো পৰৱৰ্তী সময়ত নিয়ন্ত্ৰণৰ বাহিৰত যোৱাৰ সম্ভাৱনা আছে বুলি ডাঃ গগৈয়ে লগতে উল্লেখ কৰে।

আনহাতে উত্তৰ পূৱাঞ্চলৰ মনিপুৰত ধৰা পৰা ব্যক্তি গৰাকীও আফ্ৰিকাৰ টানঞ্জানিয়াৰ পৰা অহাৰ লগতে ডিব্ৰুগড়ত সন্দেহ কৰা ছাত্ৰ গৰাকীও সেই একেখন দেশৰ পৰা অহাত অমিক্ৰণৰ সন্দেহ কৰা হৈছে।যদিহে ডিব্ৰুগড়ৰ এইজন ছাত্ৰৰ দেহত অমিক্ৰণ থকাতো সুনিশ্ছিত হয়,তেন্তে নি:সন্দেহে অসমৰ বাবে এক ভয়ানক খবৰ।ইফালে লাহোৱালৰ আই চি এম আৰৰ বিজ্ঞানীয়ে বহু পৰীক্ষা-নিৰক্ষা কৰি দুই ঘন্টাতে অমিক্ৰণ ভাইৰাছ ধৰা পেলাব পৰা কিট গৱেষণাৰ অন্তত বজাৰত মুকলি কৰাৰ কথা আছিল যদিও,সেয়া কাৰ্যত এতিয়াও ফুটুকাৰ ফেনত!

Leave A Reply