Breaking

পুনৰ বিতৰ্কত ডিব্ৰুগড় বিশ্ববিদ্যালয়

0 1,694

ডিব্ৰুগড় বিশ্ববিদ্যালয়ক অভিযোগ- বিতৰ্কই যেন লগ নেৰিব! সেয়াই হৈছে। শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰশিক্ষা পাঠ্যক্ৰমত অথন্তৰ ঘটা বুলি অভিযোগ উত্থাপিত হৈছে। বিগত বৰ্ষৰ পৰাই দূৰশিক্ষা পাঠ্যক্ৰমত কেটবোৰ ব্যাপক খেলি- মেলিৰে পৰিচালিত হৈ অহাৰ কথা পোহৰলৈ আহিছিল। পূৰ্বে দূৰশিক্ষা পাঠ্যক্ৰমৰ স্নাতকোত্তৰ শাখাত বিভিন্ন ফলাফল প্ৰদানত বিলম্ব হৈছিল আৰু ফলাফল আসোঁৱাহপূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰী সকল ক্ষোভিত হৈছিল। ছাত্ৰ ছাত্ৰী সকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষা পাঠ্যক্ৰমৰ ফলাফলত সন্তুষ্ট নহৈ বহু ছাত্ৰ ছাত্ৰীয়ে নিজৰ নিজৰ ফলাফল পুনৰ নিৰীক্ষণৰ বাবে প্ৰেৰণ কৰে যদিও নিৰ্দিষ্ট সময়ত প্ৰদান নকৰিলে। ফলত ছাত্ৰ ছাত্ৰী সকলে পুনৰ পৰীক্ষাত অৱতীৰ্ণ হয়। পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত পুনৰ ৰহস্যজনক ভাবে পুনৰীক্ষণৰ ফলাফল ঘোষনা কৰে। য’ত বহু ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষা সঞ্চালকালয়ৰ ব্যাপক খেলি মেলিৰ বাবেই পুনৰীক্ষণত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলে পুনৰ পৰীক্ষা দিব লগা হয় আৰু মাচুল ভৰিব লগা হয়। ইফালে, কিছুদিনৰ পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষা সঞ্চালকালয়ে ঘোষণা কৰা “প্ৰিভিয়াছ একজামিনেচন” (বেকলগ) ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফলত কেইবাখনো মহাবিদ্যালয়ত থকা কেন্দ্ৰৰ ফলাফল ছাত্ৰ ছাত্ৰী সকলে লাভ নকৰিলে। তিনিচুকীয়া জিলাত থকা তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয় কেন্দ্ৰ, চিটি কলেজ কেন্দ্ৰৰ পৰীক্ষাৰ্থী সকলে ফলাফল লাভ নকৰা বুলি জানিব পৰা গৈছে। গতিকে ছাত্ৰ ছাত্ৰী সকলৰ মাজত হাঁহাকাৰ সৃষ্টি হৈছে। কি খেলিমেলিৰ বাবে অথবা কি ৰহস্যজনক কাৰণত এই কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰী সকলৰ ফল ঘোষণা কৰা নহল সেয়া কেৱল ডিব্ৰুগড় বিশ্ববিদ্যালয়হে অৱগত। স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষা দি আজৰি হোৱা ছাত্ৰ ছাত্ৰী সকলে এনেদৰে ফলাফল লাভ নকৰাত শংকিত হৈ পৰিছে। আনহাতে একাংশই ডিব্ৰুগড় বিশ্ববিদ্যালয়ে নিজৰ ভুল ঢাকিবলৈ উক্ত কেন্দ্ৰত পৰীক্ষাৰ্থী অনুতীৰ্ণ কৰোৱাৰহে পাং পাতিব বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগমতে, ফলাফল ঘোষণা নকৰা কেন্দ্ৰত পৰীক্ষাৰ্থী অনুতীৰ্ণ হোৱাৰ বাবেই ঘোষণা কৰা হোৱা নাই বুলি মন্তব্য কৰাটোৱেই সম্ভাৱনা থকা বুলিহে একাংশই সন্দেহ প্ৰকাশ কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰশিক্ষা সঞ্চালকালয়ৰ অকৰ্মণ্যতাৰ বাবেই বহু ছাত্ৰ ছাত্ৰীৰ জীৱন আৰু ভবিষ্যত অন্ধকাৰ হৈ পৰিছে। কিমান আৰু ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ? সেয়াই ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। সততে বিতৰ্কত সোমাই পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে বিষয়টোৰ সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হব।

Leave A Reply