Breaking

দিপাৱলী উপলক্ষে মঙলদৈৰ কস্তুৰী শিশু গৃহত প্ৰস্তুত ভিন্ন ৰঙী মাটিৰ চাকি

0 201

দৈনন্দিন বাৰ্তাৰ সেৱা, মঙলদৈ, ১০ নৱেম্বৰঃ পোহৰৰ উৎসৱ দিপাৱলী সমাগত৷ মঙলদৈ মহিলা সমাজৰ দ্বাৰা পৰিচালিত  মঙলদৈ কস্তুৰী শিশু গৃহৰ আবাসী সকলে দিপাৱলীত ব্যৱহাৰ কৰিবৰ বাবে প্ৰস্তুত কৰিছে ভিন্ন ৰঙী মাটিৰ চাকি। দীপাৱলীৰ সময়ত চিনৰ বহুৰঙী লাইট আটচবাজীৰে বজাৰ ভৰি পৰে ,এনে লাইট আৰু আটচবাজি য়ে আমাৰ পাৰিপাৰ্শ্বিক পৰিবেশ বিনষ্ট কৰি আহিছে। তেনে সময়তে মঙলদৈস্থ কস্তুৰী শিশু গৃহৰ চৌদ্ধ  গৰাকী আবাসীয়ে প্ৰস্তুত কৰি উলিয়াইছে ভিন্ন ৰঙী মাটিৰ চাকি। আবাসী সকলে প্ৰস্তুত কৰা এই  ভিন্ন ৰঙী মাটিৰ চাকিয়ে ইতিমধ্যে ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। বহু জনে আহি ক্ৰয় কৰিছে এনে ৰঙ বিৰঙৰ  চাকি।

এনে ভিন্ন ৰঙী  চাকি বিক্ৰী পোৱা ধনেৰে অবাসী সকলৰ ব্যৱহৃত  বিভিন্ন শিল্প কৰ্মত লাগতিয়াল সামগ্ৰী সমুহ ক্ৰয় কৰে বুলি শিশু গৃহৰ অধিক্ষক ৰস্মিৰেখা শৰ্মাই জনাই। শিশু গৃহৰ অধিক্ষক ৰস্মিৰেখা শৰ্মাই জনোৱা মৰ্মে এই গৃহৰ আবাসী সকলে পঢ়া শুনাৰ উপৰিও বিভিন্ন সৃষ্টি মুলক কামত ব্যস্ত থাকে, দিপাৱলী উপলক্ষে বিগত তিনি বছৰ ধৰি এনে ধৰনে ভিন্ন ৰঙী মাটিৰ চাকি প্ৰস্তুত কৰি আহিছে আৰু এই চাকিয়ে ক্ৰতাৰ সমাদৰ লাভ কৰিছে। সমাগত দিপাৱলীৰ সামগ্ৰী ক্ৰয়ৰ বাবে গ্ৰাহকৰ দুগুণ আগমন আৰু চীনা সামগ্ৰী বর্জনৰ আহ্বানেৰে অবাসী সকলে দুগুণ উৎসাহেৰে প্ৰস্তুত কৰিছে চাকি৷

Leave A Reply