Breaking

মঙলদৈত বজাৰ পৰিদৰ্শন উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ

0 55

মঙলদৈ

চহৰ অঞ্চলৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, ক্ষুদ্ৰ ব্যৱসায়ীয়ে মানিব লাগিব চৰকাৰী নীতি নিৰ্দেশনা। প্ৰতিখন দোকানৰ সন্মুখত হাত ধোৱাৰ বাবে চাবোন পানী ৰখাৰ লগতে ছেনিটাইজাৰ ৰাখিব লাগিব। সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ এইদৰে কয় দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই। মঙলদৈ চহৰৰ একাংশ লোকে ঈদৰ বজাৰৰ নামত জধে মধে বজাৰলৈ ওলাই অহা আৰু কোনো ধৰণৰ লকডাউনৰ নামনাৰ অভিযোগ উঠাৰ পিছতে নৱ নিযুক্ত উপায়ুক্ত গৰাকীয়ে আজি হৰ্থাতে বজাৰখন পৰিদৰ্শন কৰি একাংশ ব্যৱসায়ী আৰু গ্ৰাহকক কঠোৰ সকীয়নি প্ৰদান কৰে। পৰিদৰ্শন কালত তেওঁ দোকান সন্মূখৰ সমূহত হাত ধোৱা পানী আছে নে নাই, ছেনিটাইজাৰৰ ব্যৱস্থা আছে নে নাই আৰু সামাজিক দূৰত্ব কেনেকৈ বৰ্তাই ৰাখিছে সেয়া নিৰিক্ষণ কৰে। তেওঁ এই সমূহ ব্যৱস্থা ৰাখিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ সৈতে পৰিদৰ্শন কালত বিনা কাৰণত একাংশ লোকে বজাৰলৈ ওলাই অহাত সেই সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে। আনহাতে ভাৰতীয় ষ্টেট বেংকৰ মঙলদৈ শাখাৰ সন্মুখত শ শ লোকে ভিৰ কৰা প্ৰত্যক্ষ কৰি উপায়ুক্ত গৰাকী আচম্বিত হৈ পৰে। চৰকাৰী কঠোৰ নিৰ্দেশনাৰ পিছতো একাংশ ষাঠি উৰ্ধৰ লোক আৰু শিশু অভিভাৱকৰ সৈতে বেংকলৈ অহাত তেওঁলোকৰ সৈতে মত বিনিময় কৰি ঘৰলৈ উভতি যাবলৈ নিৰ্দেশ দিয়ে। বান্দিয়া গাঁৱৰ লটিফা বেগমে ৬ মহীয়া কেচুৱা লৈ বেংকত শাৰী পাতি থকাত আৰক্ষীৰ বাহনৰে ঘৰলৈ পঠিয়াই দিয়ে উপায়ুক্তগৰাকীয়ে। সেইদৰে ৰেহেনা বেগম নামৰ বাঘপৰিৰ আন এগৰাকী মহিলায়ো ডেৰ বছৰীয়া শিশু কোলাত লৈ বজাৰ কৰি থকা প্ৰত্যক্ষ কৰি উপায়ুক্তই তেওঁকো আৰক্ষীৰ বাহনেৰে ঘৰলৈ পঠিয়াই দিয়ে। মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাই শিশুসহ দুয়োগৰাকী মাতৃকে স্বগৃহত থৈ আহে। ইফালে ষাঠিৰ উৰ্ধৰ ব্যক্তিসকলক ঘৰতে সোমাই থাকিবলৈ উপায়ুক্তই অনুৰোধ জনোৱাৰ লগতে তেওঁলোকৰ বেংক সম্পকীয় কামকাজ থাকিলে বেংকৰ কৰ্মচাৰীয়ে গৈ ঘৰতে কৰি দিব বুলি জানিব দিয়ে। এইক্ষেত্ৰত জিলা প্ৰশাসন বা বেংকৰ বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈ উপায়ুক্তই আহবান জনায়। ষাঠি উৰ্ধৰ কোনো লোকেই বেংকলৈ আহিব নালাগে তেওঁলোকৰ কাম সমূহ ঘৰতে কৰি দিয়া হ’ব এইদৰে কয় উপায়ুক্ত দিলীপ কুমাৰ বৰাই। আনহাতে মাঘ বিহুৰ সময়ত সমগ্ৰ অসমবাসীয়ে ঘৰতে বিহু উদযাপন কৰাৰ দৰে সমাগত ঈদো ঘৰত থাকিয়ে পালন কৰিবলৈ আহবান জনায়। ঈদৰ বজাৰৰ নামত কাপোৰ কিনাৰ নামত ৰাইজক ওলাই নাহিবলৈ তেওঁ আহবান জনায়। পিছত উপায়ুক্ত দিলীপ কুমাৰ বৰাই সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায় বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ কোনো প্ৰতিষেধক আজিলৈ ওলোৱা নাই বুলি কৈ একমাত্ৰ সামাজিক দূৰত্ব আৰু ঘৰতে আবদ্ধ থকাই ইয়াৰ একমাত্ৰ প্ৰতিষেধক। যদিও দৰং জিলাৰ গ্ৰীণ জোনত অন্তৰ্ভুক্ত হৈছে ৰাইজে এতিয়াহে অধিক সৰ্তক হোৱাৰ প্ৰয়োজন বুলি তেওঁ কয়। ইফালে নৱনিযুক্ত উপায়ুক্ত গৰাকীয়ে বজাৰ পৰিদৰ্শন আকস্মিক পৰিদৰ্শন কৰি দিয়া কঠোৰ নিৰ্দেশনাক মঙলদৈবাসীয়ে আদৰণি জনাইছে। মঙলদৈ নাগৰিক মঞ্চ, মঙলদৈ জিলা কৰ্মচাৰী পৰিষদ, দৰং জিলা ছাত্ৰ সন্থা, যুৱ-ছাত্ৰ পৰিষদ, সাহিত্য সভা, মঙলদৈ প্ৰেছ ক্লাব, মঙ্গলদৈ বণিক সন্থাও আদৰণি জনাইছে।

Leave A Reply