Breaking

চাপৰমুখ ৰে’ল ষ্টেচনত আবদ্ধ বহিঃৰাজ্যৰ পৰা অহা ডিমা হাচাও জিলাৰ যাত্ৰী : প্ৰশাসনৰ গাফিলতি

0 51

নগাঁও

বহিংৰাজ্যৰ পৰা ৰে’লযোগে অসমলৈ ঘূৰি অহা যাত্ৰীসকলক সংশ্লিষ্ট ৰে’ল ষ্টেচনৰ পৰা নিজ গৃহ জিলালৈ আনিবৰ বাবে অসমৰ প্ৰায়বোৰ জিলা প্ৰশাসনে বাছৰ ব্যৱস্থা কৰিছে। যাত্ৰীসকল ৰে’লেৰে আহি পোৱাৰ পাছত স্বাস্থ্য পৰীক্ষাৰ অন্তত বাছেৰে নিজ নিজ জিলাৰ নিৰ্দিষ্ট স্হানলৈ লৈ যোৱা হয়। এই ক্ষেত্ৰত ডিমা-হাচাও জিলা প্ৰশাসনৰ অনীহাৰ এক ছবি পৰিস্ফুট হৈছে। যাৰ ফলশ্ৰুতিত বহিঃৰাজ্যৰ পৰা ডিমা হাচাওলৈ ঘূৰি অহা ভালেসংখ্যক যাত্ৰী আজি নগাঁৱৰ চাপৰমুখ ৰেল ষ্টেচনত দীৰ্ঘ সময় ধৰি আবদ্ধ হৈ থাকিবলগীয়া হয়। বহিঃৰাজ্যৰ পৰা চাপৰমুখ ৰে’ল ষ্টেচনত উপস্থিত হোৱা নগাঁও, মৰিগাঁও, হোজাই, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ যাত্ৰীসকলক সংশ্লিষ্ট জিলাসমূহৰ জিলা প্ৰশাসনে স্বাস্থ্য পৰীক্ষাৰ অন্তত নিজ জিলালৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে যদিও ডিমা হাচাও জিলা প্ৰশাসনে এই ক্ষেত্ৰত চৰম গাফিলতি কৰা পৰিলক্ষিত হৈছে। যাৰ ফলত দীঘলীয়া ৰে’ল যাত্ৰা কৰি ঘূৰি অহা ডিমা হাচাও জিলাৰ যাত্ৰীসকলে জীয়াতু ভুগিব লগা হৈছে। আজি দিনৰ ১১ বজাত চেন্নাইৰ পৰা ডিমা হাচাওলৈ অহা যাত্ৰীসকলক বৰ্তমান বাতৰি লিখাৰ পৰলৈকে উভতাই নিয়াৰ ব্যৱস্থা কৰা নাই ডিমা-হাচাও জিলা প্ৰশাসনে। ফলস্বৰূপে ৰে’লৱে প্লেটফৰ্মতে অনাহাৰে প্ৰায় ১০ৰ পৰা ১২ ঘণ্টা সময় যাত্ৰীসকলে পাৰ কৰিব লগা হৈছে। ডিমা হাচাও জিলা প্ৰশাসনে জিলাখনৰ যাত্ৰীসকলৰ প্ৰতি কৰা আচৰণক লৈ যাত্ৰীসকলৰ মাজত অসন্তুষ্টিয়ে দেখা দিছে৷

Leave A Reply