Breaking

নগাঁৱৰ ডিমৰুগুৰিত পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতি, উত্তেজীত ৰাইজে আঠুকঢ়ালে পৰিচালকক

0 64

দৈনন্দিন বাৰ্তা সেৱা, নগাঁওঃ নগাঁৱৰ ডিমৰুগুৰিস্থ মেচাৰ্চ লক্ষ্মী চাৰ্ভিছ ষ্টেচন নামৰ তেল ডিপোত কালি দিনৰ প্ৰায় ১ বজাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিবপৰা মতে, সামান্য কথাতে তেল ডিপোৰ কৰ্মচাৰী হীৰকজ্যোতি বৰাক প্ৰহাৰ কৰে ডিপোটোৰ পৰিচালক মদনলাল শৰ্মাই। ইয়াৰ পিছতে ডিপোটোৰ কৰ্মচাৰী সকল পৰিচালক গৰাকীৰ ওপৰত ক্ষুব্ধ হৈ পৰে।

ডিপোটোৰ কৰ্মচাৰী সকলে অনাঅসমীয়া পৰিচালক গৰাকীৰ ব্যৱহাৰত অতীষ্ঠ হৈ বহুসময় ধৰি আঠুকঢ়াই থয় পৰিচালক মদনলাল শৰ্মাক। পিছত নগাঁৱৰ টাউন ইটাচালী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মদনলাল শৰ্মা নামৰ পৰিচালক গৰাকীক আটক কৰি থানালৈ লৈ যায়।

তেল ডিপোৰ কৰ্মচাৰী সকলৰ অভিযোগ অনুসৰি প্ৰায়ে এইগৰাকী পৰিচালকে অসমীয়া কৰ্মচাৰী সকলক দুৰ্ব্যৱহাৰ কৰি আহিছিল। আনহাতে তেল ডিপোটোৰ মালিক সঞ্জয় আগৰৱালেও তেল ডিপোৰ কৰ্মচাৰী সকলক যথেষ্ট ভাল ব্যৱহাৰ নকৰাৰ অভিযোগ তুলিছে কৰ্মচাৰীসকলে।

Leave A Reply