Breaking

দীপলিনা ডেকাই প্ৰথমবাৰৰ কাৰনে প্ৰকাশ কৰিলে তেওঁৰ জীৱনত থকা বিশেষ ব্যক্তিগৰাকীৰ নাম

0 214

লাখ লাখ অনুৰাগীৰ আপোন দীপলিনা ডেকাক লৈ সামাজিক মাধ্যমত চৰ্চাৰ শেষ নাই। চৰ্চাৰ শীৰ্ষত থকা এটা বিষয় অথবা প্ৰশ্ন যে, দীপলিনাৰ জীৱনত থকা বিশেষ ব্যক্তিগৰাকী কোন?

”এনেকুৱা কথা নহয় যে, মোৰ জীৱনত কোনো বিশেষ ব্যক্তি নাই”-দীপলিনা ডেকাই প্ৰথমবাৰৰ কাৰনে প্ৰকাশ কৰিলে তেওঁৰ জীৱনত থকা বিশেষ ব্যক্তিগৰাকীৰ কথা৷

কেতিয়াবা যদি কোনো ছাত্ৰ সংগঠনৰ নেতাক দীপলিনা ডেকাৰ সেই বিশেষ মানুহজন বুলি উল্লেখ কৰি সামাজিক মাধ্যমত চৰ্চা হৈছে আন কেতিয়াবা আকৌ কোনোবা ৰাজনৈতিক দলৰ নেতা।

শেহতীয়াকৈ বিশ্বনাথত অনুষ্ঠিত এক অনুষ্ঠানত দীপলিনাই তেওঁৰ জীৱনৰ বিশেষ মানুহজনক লৈ মুখ খুলিছে। অনুৰাগীৰ এক প্ৰশ্নৰ উত্তৰত দীপলিনাই ক’লে- ”এনেকুৱা কথা নহয় যে মোৰো জীৱনত কোনো বিশেষ ব্যক্তি নাই। আছে। কিন্তু সব কথাটো ক’ব নোৱাৰি।”

অৱশ্যে তাৰ মাজতে দীপলিনাই ক’লে তেওঁৰ সেই বিশেষ মানুহজন কোন। দীপলিনাই ৰাজহুৱাকৈ ক’লে- মোৰ লগত সকলো সময়তে থকা ব্যক্তিজন মোৰ সম্পৰ্কীয় ভাতৃ। প্ৰফেছনেলী তেওঁ মোৰ মেনেজমেণ্টৰ পৰা আৰম্ভ কৰি প্ৰতিটো দিশৰে যত্ন লয়।

তেওঁ মোৰ লগত থাকিলে মোৰ মা, দেউতাও নিশ্চিন্ত থাকে। মোৰ সুখ, দুখ সকলোতে মোৰ কাষত থাকে। সকলো কথাই শ্বেয়াৰ কৰিব পৰা সেই বিশেষ ব্যক্তিজনেই হ’ল কমল পৰাণ।

Leave A Reply