Breaking

ডিৰাক মাইথং মধ্য ইংৰাজী বিদ্যালয়ৰ উদ্যোগত কুমচাং বনাঞ্চলত বৃক্ষৰোপণ

0 144

দৈনন্দিন বাৰ্তা সেৱা, ডিৰাকঃ তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী কাকপথাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ডিৰাক মাইথং মধ্য ইংৰাজী বিদ্যালয়ৰ উদ্যোগত আজি কুমচাং বনাঞ্চলত এক বৃক্ষৰোপণ কাৰ্য্যসুচী ৰূপায়ণ কৰে। মধ্য ইংৰাজী বিদ্যালয়খনৰ ছাত্ৰ সকলে হাতে হাতে একোটাকৈ গছ পুলি লৈ বিদ্যালয়খনৰ নাতিদূৰত থকা কুমচাং বনাঞ্চলত বিভিন্ন ফলমূলৰ লগতে বিভিন্ন ধৰনৰ গছ পুলি ৰোপণ কৰে। চিৰসেউজ বনাঞ্চলসমূহৰ গছ-গছনিসমূহ কাটি পৰিৱেশ বিনষ্ট কৰি অহা পৰিলক্ষিত হোৱাৰ সময়তে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যক আগত ৰাখি বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিমল মৰাণে সাংবাদিকৰ অৱগত কৰে। মৰাণে অনাগত দিনত স্থানীয় ৰাইজক বনাঞ্চলখন ৰক্ষাৰ হকে বৃক্ষ ৰোপণকে আদি কৰি বিভিন্ন কায্যসূচী গ্ৰহণ কৰি বনাঞ্চলখন সেউজীয়া কৰি তোলে।

Leave A Reply