Breaking

চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন সঞ্চালক প্ৰধান ড০ সৃজয় লাল থাউচেনৰ

0 107


কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ সঞ্চালক প্ৰধান ডঃ সৃজয় লাল থাউচেনে ২৫ নবেম্বৰত বাহিনীটোৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদ পৰিদৰ্শন কৰে।

পৰিদৰ্শন কালত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাৰ নেতৃত্বত বিষয়া – জোৱান সকলে সঞ্চালক প্ৰধান গৰাকীক গাৰ্ড অব অনাৰ প্ৰদৰ্শনৰে আদৰণি জনায়।

তাৰ পাছত সঞ্চালক প্ৰধান ডঃ সৃজয় লাল থাউচেনে প্ৰেক্ষাগৃহত এখন সৈনিক সন্মিলন সম্বোধন কৰি সকলো বিষয়া – জোৱান সকলক নিয়ামানুবৰ্তিতা বজাই ৰাখি দেশমাতৃৰ সেৱা কৰিবলৈ আহ্বান জনায়।

আনহাতে পৰিদৰ্শন কালত সঞ্চালক প্ৰধান গৰাকীক সংগ দিয়ে চি আৰ পি এফৰ পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান বিনোদ কুমাৰ সিং, উত্তৰ পূৱ মণ্ডলৰ মহাপৰিদৰ্শক অনুৰাগ আগৰৱালা , গুৱাহাটী গ্ৰুপৰ উপ মহাপৰিদৰ্শক অনিল কুমাৰকে ধৰি কেবাজনো বিষয়াই ।

Leave A Reply