Breaking

চাউলকৰাত দিচাং নদীৰ গৰাখহনীয়াই লৈছে ভয়ানক ৰূপ

0 43

শিৱসাগৰ নগৰৰ কিছু নিলগত শিৱসাগৰ কোঁৱৰপুৰ মৌজাৰ দুই নং চাউলকৰাত দিচাং নদীৰ গৰাখহনীয়াই ভয়ানকৰূপ ধাৰণ কৰিছে।

দিচাঙৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে ১৯৭৯ চনতে স্থাপিত হোৱা দিচাং চাউলকৰা প্ৰাথমিক বিদ্যালয়। নদীৰ খহনীয়াত ইতিমধ্যে বিদ্যালয়খনৰ পিছফালৰ ভূমি জাহ গ’ল দিচাং নদীৰ গৰাখহনীয়াত।কিন্তু জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ কোনো স্থায়ী পদক্ষেপ নোলোৱাত এইবাৰ সম্পূৰ্ণ বিদ্যালয় খন নদীৰ বুকুত নিশ্চিহ্ন হোৱাৰ দিশে গতি কৰিছে।

বিদ্যালয় খনৰ মূল খুটা আৰু পকী বেৰা নদীৰ বুকুত জাহ যাবলৈ মাত্ৰ এক-ডেৰ ফুটহে বাকী থকাত শংকিত হৈ পৰিছে ৬৩ গৰাকীৰো অধিক ছাত্ৰ ছাত্ৰী তথা বিদ্যালয় খনৰ শিক্ষয়িত্ৰী সকলৰ লগতে স্থানীয় ৰাইজ।

ইপিনে এই ক্ষেত্ৰত স্থানীয় বিধায়ক গৰাকীয়ে বাঁহৰ গোজ দিয়ে নিজৰ দায়িত্ব সামৰা পৰিলক্ষিত হৈছে।এতিয়া বিদ্যালয় খনৰ শিক্ষয়িত্ৰী তথা অভিভাৱক সকলৰ চৰকাৰলৈ আহ্বান প্ৰতিৰোধৰ ব্যৱস্থা লবৰ বাবে।এতিয়া স্থানীয় বিধায়ক বা জলসম্পদ বিভাগে খহনীয়া ৰোধৰ ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হব লক্ষণীয়?

Leave A Reply