Breaking

আশাহত আশা কৰ্মী; উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ‘অসম চৰকাৰ হায় হায়’ ধ্বনিৰে উত্তাল প্ৰতিবাদ

0 43

১৬ বছৰে নুন্যতম মজুৰিৰে সেৱা আগবঢ়াই অহাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযেগ চৰকাৰৰ বিৰুদ্ধে। পুনৰ ৰাজপথলৈ আহিল ওদালগুৰিৰ আশা কৰ্মীসকল।


আশা কৰ্মীৰ কামৰ সময় সীমা নিৰ্ধাৰণ কৰা,‍ NHMকৰ্মীৰ দৰে সমমৰ্যাদা প্ৰদান কৰা আৰু মাহিলী মজুৰী ১৫ হেজাৰ টকালৈ বৃদ্ধি কৰাৰ দাবীত আশা কৰ্মীসকলে বুধবাৰে ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

চৰকাৰে আশা কৰ্মীসকলক নূন্যতম মজুৰীৰে অধিক সময় ব্যৱহাৰ কৰি আহিছে যদিও প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অহা বুলি অভিযোগ কৰে আশা কৰ্মীসকলে।

Leave A Reply