Breaking

নাজিৰাৰ ‘বেদ’ একাডেমীৰ দুই ছাত্ৰই লাভ কৰিলে ডিষ্টিংচন ।

0 1,319

নাজিৰা : যোৱা ২৫ জুনত ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত নাজিৰা মহকুমা বালিঘাটস্হিত ‘বেদ’ একাডেমীৰ দুই ছাত্ৰ ক্ৰমে চৈয়দ তাকদীছ নাচিম আৰু মানস প্ৰতীম দত্তই সকলো বিষয়ত লেটাৰ নম্বৰসহ ডিষ্টিংচন লাভ কৰি শিক্ষানুষ্ঠানখনৰ লগতে নাজিৰা মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে ।মহাবিদ্যালয়খনৰ পৰা ৫৮ জনে পৰীক্ষাত অৱতীৰ্ণ হৈ ১১ জনে ষ্টাৰসহ ৫২ জনে প্ৰথম, ৫ জনে দ্বিতীয় আৰু ১ জনে তৃতীয় স্হান দখল কৰি এশ শতাংশ ফলাফল কৰিবলৈ সক্ষম হয়৷ মহাবিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ নাজিৰা নগৰৰ নিবাসী চৈয়দ নেচিম আহমেদ আৰু চৈয়দা তাজ ৰেহিমা খাতুনৰ একমাত্ৰ পুত্ৰ চৈয়দ তাকদীছ নেচিম আৰু নাজিৰা মহকুমাৰ ধিতাইপুখুৰীৰ নিবাসী ৰঞ্জিত দত্ত আৰু জলী দত্তৰ পুত্ৰ মানস প্ৰতীম দত্তই ডিষ্টিংচন লাভ কৰি মহাবিদ্যালয়খনৰ লগতে নাজিৰা মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে৷ চৈয়দ তাকদীছ নেচিমে ইংৰাজী, ঐচ্ছিক ইংৰাজী, ৰাসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু জীৱ বিজ্ঞানত লেটাৰ নম্বৰসহ ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হয়। নেচিমৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮৪.৪% আনহাতে মানস প্ৰতীম দত্তই অসমীয়া, ৰাসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু ভূ-বিজ্ঞানত লেটাৰ নম্বৰসহ ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হয়। মানস প্ৰতীম দত্তৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮৪.৬%। ছাত্ৰ দুজনৰ এনে সফলতাত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে নাজিৰা নগৰ আৰু ধিতাইপুখুৰীবাসীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে।

Leave A Reply