Breaking

আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত অনুষ্ঠিত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ পুৰস্কাৰ বিতৰণ ৷

0 1,399

ননৈ : সাম্প্ৰতিক সময়ত যুৱ সমাজৰ অধিকাংশই ড্ৰাগছৰ লগতে আন আন মাদক দ্ৰব্য সমূহৰ কবলত পৰি উচ্ছৃঙ্খল জীৱন-যাপন কৰি অহাৰ লগতে বহু অভিভাৱকেও ইয়াৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে। সেইবাবেই নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে “নিষিদ্ধ ড্ৰাগচ” ৰ বিৰুদ্ধে বহুকেইটা সজাগতা অনুষ্ঠান কৰি ৰাইজৰ মাজত প্ৰচাৰ চলাই সফল হোৱাৰ লগতে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ অংশস্বৰূপে যোবা ২৬ জুনত প্ৰাধিকাৰীয়ে আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসটি উদযাপন কৰাৰ লগতে চহৰৰ বহুকেইটা অঞ্চলত প্ৰাধিকাৰীৰ মুৱাইল গাড়ীৰে ড্ৰাগছৰ কুপ্ৰভাৱৰ ওপৰত পৰি যুৱ প্ৰজন্ম কেনেদৰে নিঃশেষ হবলৈ উলাইছে তাৰ এক প্ৰচাৰ চলোবাৰ লগতে প্ৰাধিকাৰীৰ অধিনস্থ অৰ্ধআইনী সহায়ক সকলৰ ওপৰত “বৰ্তমান সময়ত সমাজত ড্ৰাগছৰ কু-প্ৰভাৱ আৰু নিৰাময়ৰ উপায় ও পৰামৰ্শাৱলী” শিৰ্ষক বিষয়ৰ ওপৰতঅনলাইন যোগে আয়োজন কৰিছিল এক ৰচনা প্ৰতিযোগিতা আৰু ইয়াৰ ওপৰি এখন উৱাল পেইণ্টিং প্ৰতিযোগিতা ৷ অৱশ্যে বতৰ বেয়া হোৱাত উক্ত দিনা উৱাল পেইণ্টিংৰ প্ৰতিযোগিতা অনুষ্ঠিত নোহোৱাত আজি উক্ত উৱাল পেইণ্টিংৰ প্ৰতিযোগিতা পুৱা ন বাজি ত্ৰিশ বজাৰ পৰা এই উৱাল পেইণ্টিং প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে জিলা ও সত্ৰ ন্যায়াধীশ তথা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ অধ্যক্ষ মৃদুল কুমাৰ কলিতাই ৷ শুভ উদ্বোধনী অনুষ্ঠানত নগাঁৱৰ মূখ্য ন্যায়িক দণ্ডাধীশ জ্যোৎস্না দাস আৰু দেৱানী ন্যায়াধীশ আৰু সহকাৰী সত্ৰ ন্যায়াধীশ ৰাজেশ কুমাৰ টোডি উপস্থিত থাকে ৷ নগাঁও চহৰৰ কেইবাজনো চিত্ৰ শিল্পীয়ে অংশগ্ৰহণ কৰা এই উৱাল পেইণ্টিং প্ৰতিযোগিতাৰ অনুষ্ঠানটি আতঁধৰে আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ সচিব মনালিছা দাসে ৷ ৰচনা প্ৰতিযোগিতা আৰু উৱাল পেইণ্টিং প্ৰতিযোগিতাৰ অন্তত স্থানলাভ কৰা প্ৰতিযোগি সকলক মানপত্ৰ,ট্ৰফী,মেডেলৰে পুৰস্কিত কৰা হয় ৷ ৰচনা প্ৰতিযোগিতাত  প্ৰথমস্থান লাভ কৰে পাহী শইকীয়া,দ্বিতীয় স্থান লাভ কৰে দ্বীপেন্দ্ৰ শইকীয়া আৰু তৃতীয়স্থান লাভ কৰে জান্টি দেৱী ডেকাই ৷ সেইদৰে,উৱাল পেইণ্টিং প্ৰতিযোগিতাত প্ৰথমস্থান লাভ কৰে ৰিদিপ বৰা-সৌৰভ জ্যোতি বৰা,দ্বিতীয়স্থান লাভ কৰে প্ৰেৰণা বৰা-ধিৰাংকণা বৰা,তৃতীয়স্থান লাভ কৰে আফতাৱ আলী,নিচুকনি পুৰস্কাৰ লাভ কৰে ক্ৰমে- টুলেন্দু নাথ আৰু ড্ৰাৱিন গাৰ্গে ৷ স্থানলাভ কৰা প্ৰতিযোগি সকলক    মানপত্ৰ,ট্ৰফী আৰু মেডেল সমূহ বিতৰণ কৰে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ তথা প্ৰাধিকাৰীৰ অধ্যক্ষ মৃদুল কুমাৰ কলিতাই ৷

Leave A Reply