Breaking

এন এইচ টি টি এফত টেবুল টেনিছ খেলুৱৈ সকলৰ মাজত জাৰ্ছী বিতৰণ

0 49

গুৱাহাটীৰ বেলতলাস্থিত অসমৰ এক আগশাৰীৰ ক্ৰীড়ানুষ্ঠান নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেশ্যনে (এন এইচ টি টি এফ) সোমবাৰে পেডলাৰ সকলৰ মাজত জাৰ্ছী বিতৰণ কৰে।

বাৰ্ষিক দিনৰ লগত সংগতি ৰাখি ফাউণ্ডেশ্যনটোৱে এই অনুষ্ঠানৰ আয়োজন কৰে। আৰম্ভণিতে প্ৰতিষ্ঠানটোৰ বাটকটীয়া স্বৰূপ নগেন হাজৰিকা আৰু কাঞ্চন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ৰাষ্ট্ৰীয় টেবুল টেনিছ খেলুৱৈ গৌতম হাজৰিকা আৰু প্ৰতিষ্ঠানটোৰ সভাপতি মদালছা হাজৰিকাই।

বন্তি প্ৰজ্বলন কৰি তেওঁলোকে কয় যে খেলুৱৈ সকলক উৎসাহিত কৰিবৰ বাবেই প্ৰত্যেক বছৰেই এটা দিনত আমি এই কাম হাতত লওঁ। যাতে ইয়াৰ পৰা খেলুৱৈসকলে আৰু অধিক প্ৰেৰণা লাভ কৰে। ইয়াৰ উপৰি আগন্তুক দিনত আমি আৰু নতুন নতুন কাম কৰিবলৈ আগবাঢ়িম।

খেলুৱৈ সকলক এই উপহাৰকণ দিবলৈ পাই আমি যথেষ্ঠ সুখ পাইছোঁ, আমি তেওঁলোকক আশীৰ্বাদ কৰিছোঁ অনাগত দিনত বিভিন্ন পৰ্য্যায়ৰ টেবুল টেনিছ প্ৰতিযোগিতা সমূহত ভাল ফলাফল দাঙি ধৰে।

লগতে এই অনুষ্ঠানটোত উপস্থিত থাকে ফাউণ্ডেশ্যনৰ সম্পাদক বৰ্ণালী হাজৰিকা, টেবুল টেনিছ খেলুৱৈ ঘৃতাশ্ৰী হাজৰিকা, প্ৰশিক্ষক তথা খেলুৱৈ অভিভাৱকসকল।

Leave A Reply