Breaking

লংকাত সাংবাদিক, আৰক্ষীক মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ

0 97

লংকা

 ক’ভিড-১৯ মহামাৰীৰ আতংকৰ মাজতে সাংবাদিকসকলে নিজৰ জীৱন তুচ্ছ কৰি হ’লেও নিজৰ তথা পৰিয়ালৰ কথা নাভাবি প্ৰতি মুহূৰ্তৰ  খবৰ জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়ে। তদুপৰি আৰক্ষী সকলেও দিনে নিশাই  সেৱা আগবঢ়াই আহিছে। সেয়ে আৰক্ষী আৰু সাংবাদিকসকলক উৎসাহ যোগোৱাৰ বাবে শুকুৰবাৰে ঔমপ্ৰকাশ প্ৰমিলা দেৱী সোঁৱৰণী টাষ্টৰ উদ্যোগত লংকা আৰক্ষী থানাৰ চৌহদত টাষ্টৰ অধ্যক্ষ ৰোহিত আগৰৱালাই মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ বিতৰণ কৰে। লংকাৰ প্ৰায় ২০ গৰাকী সাংবাদিক আৰু সকলো আৰক্ষীৰ হৈ লংকা আৰক্ষী থানাৰ ভাঃ বিষয়া বিশ্বজোতি  শৰ্মাক মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ বিতৰণ কৰি ৰোহিত আগৰৱালাই কয় যে সাংবাদিক আৰু আৰক্ষীসকলৰ কৰ্মৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনাই তেওঁলোকক উৎসাহ যোগোৱাৰ বাবেই তেও এই কাৰ্যসূচী হাতত লৈছে।

Leave A Reply