Breaking

জ্যেষ্ঠ নাগৰিকৰ ঘৰে ঘৰে মাস্ক, চেনিটাইজাৰ বিতৰণ জামুগুৰিহাট গুৱাহাটী ফ’ৰামৰ

0 1,083

জামুগুৰিহাট : সমগ্ৰ জামুগুৰিহাট অঞ্চলৰ গাঁৱে গাঁৱে মাক্স বিতৰণ আৰু স্বাস্থ্য সজাগতা সভাৰে মহানতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা, প্ৰায় ডেৰ লাখ মাক্স বিতৰণৰ লক্ষ্যৰে বৰ্তমানলৈকে বৰভগীয়া, মূঢ়াদ’ল, চিলাবন্ধা মৌজাৰ শতাধিক গাঁৱত সজাগতা সভা অনুষ্ঠিত কৰা জামুগুৰিহাট গুৱাহাটী ফ’ৰামে আৰম্ভ কৰিছে। অন্য এক প্ৰশংসনীয় কাৰ্যসূচী জ্যেষ্ঠ নাগৰিকৰ ঘৰে ঘৰে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ আৰু স্বাস্থ্য সম্পৰ্কীয় সাৱধানতা সম্পর্কে অৱগতিকৰণ। ৮ আগষ্টত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সদ্য গিয়াচুদ্দিন আহমেদ সোঁৱৰণী বঁটা প্ৰাপক, বিশিষ্ট নাট্যকাৰ, এসময়ৰ ভ্ৰাম্যমাণ জগতৰ জ্যোতিস্ক, এক আপোচবিহীন সংগ্ৰামী সত্ত্বাৰ অধিকাৰী বলদেৱ শইকীয়াৰ ডেকাসুন্দৰৰ বাসগৃহত। উক্তদিনা সন্ধ্যা গুৱাহাটী ফ’ৰামৰ হৈ ড০ কন্দৰ্প শইকীয়া, ঈশ্বৰ চন্দ্ৰ বৰা আৰু সহযোগী মিংকু কলিতাই তেখেতৰ বাসগৃহত উপস্থিত হৈ শিল্পীগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে অভিনন্দন জ্ঞাপন কৰি মাক্স আৰু চেনিটাইজাৰ অৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছত জামুগুৰিহাটৰ বিবেকস্বৰূপ, বিশিষ্ট চিন্তাবিদ, শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা প্ৰাপক বিশিষ্ট নাট্য শিল্পী ভবেন বৰা, জামুগুৰি জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি লীলা ভূঞা, বাৰেচহৰীয়া ভাওনা কমিটীৰ সভাপতি ভৱ গোস্বামী, প্ৰাক্তন প্ৰধান সম্পাদক তথা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ গণেশ পাঠক, বাপুজী ভৱন নাট্য সমাজৰ সভাপতি, প্ৰবীণ নাট্য শিল্পী জনাৰ্দন ভূঞা, পাঁচিঘাট চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ধৰ্মেশ্বৰ হাজৰিকা, অৱসৰী গ্ৰন্থগাৰিক সুৰেন কলিতা, বিশিষ্ট নিবন্ধকাৰ প্ৰেম নাৰায়ণ গোস্বামী, অৱসৰী শিক্ষক বংশী দাস, বিশিষ্ট সমাজকৰ্মী জগত শইকীয়া, বিশিষ্ট কবি-সাহিত্যিক গিৰীণ কুমাৰ নাথ, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি মাধৱ ওজা, বৰ্ষীয়ান সাংবাদিক, অৱসৰী অধ্যাপক গোলাপ কলিতা, অৱসৰী শিক্ষক নলিনী ৰঞ্জন ভূঞা, চিলাবন্ধা মৌজাৰ মৌজাদাৰ, নাট্য শিল্পী শৈলেন বৰকটকীকে ধৰি অঞ্চলটোৰ গণ্য মান্য ব্যক্তি সকলৰ ঘৰলৈ গৈ কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে বিশিষ্ট ব্যক্তিসকলে গুৱাহাটী ফ’ৰামৰ এনে মহৎ কৰ্মৰ শলাগ লয়। গুৱাহাটী ফ’ৰামৰ সম্পাদক ড০ কন্দৰ্প শইকীয়াই জানিবলৈ দিয়া মতে অঞ্চলটোৰ প্ৰায় দুশ গৰাকী জ্যেষ্ঠ ব্যক্তিৰ গৃহলৈ গৈ এই কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত ফ’ৰামে গ্ৰহণ কৰিছে। ইতিমধ্যে অঞ্চলটোত প্ৰায় ৯০ খনৰো অধিক গাঁৱত ফ’ৰামৰ সদস্যসকলে জামুগুৰিবাসী ৰাইজৰ সহযোগত এক লক্ষাধিক মাক্স বিতৰণ কৰাৰ লগতে এই কাৰ্যসূচীলৈও ফ’ৰামৰ সদস্য সকলে অকুণ্ঠ সহযোগিতা আগবঢ়াইছে। আনহাতে কাৰ্যসূচীৰ সফল ৰূপায়নৰ বাবে জামুগুৰিহাটৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পৰিয়ালবৰ্গই ‘হিতেশ্বৰ শইকীয়া ফাউণ্ডেচন’ৰ পৰা এক লাখ মাক্স আগবঢ়াইছে বুলি আনগৰাকী সম্পাদক বেদব্ৰত বৰাই জানিবলৈ দিয়ে। গুৱাহাটী ফ’ৰামৰ এনে শুভ চিন্তা তথা কৰ্মক অঞ্চলবাসী ৰাইজে ভূয়সী প্ৰশংসা কৰে।

Leave A Reply