Breaking

অইলৰ চি এছ আৰ প্ৰকল্প ৰূপান্তৰৰ অধীনত সামগ্ৰী আৰু বিত্তীয় সাহায্য বিতৰণ…

0 36

অইল ইণ্ডিয়া লিমিটেড দুলীয়াজান টিপলিংত অৱস্থিত চি এছ আৰ একটিভিটি কমপ্লেক্স অইলৰ স্বনিৰ্ভৰত চি এছ আৰ প্ৰকল্প অইল ৰূপান্তৰৰ অধীনত সামগ্ৰী আৰু বিত্তীয় বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয় । প্ৰতি বছৰে হিতাধিকাৰি আৰু যুটিয়া দায়বদ্ধ গোটসমূহক অইলে সহযোগিতা আগবঢ়াই আহিছে । এই অনুষ্ঠানত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বেৰ তেলী ,বিধায়ক তেৰছ গোৱালা ,অইলৰ আবাসিক মূখ্য বিষয়া আনফৰ আলি হকৰ লগতে অইলৰ অনান্য বিষয়া সকল আৰু প্ৰকল্পৰ হিতাধিকাৰি সকল উপস্থিত থাকে ।

২৩-২৪ বিত্তীয় বৰ্ষত এই প্ৰকল্পই ৩২৫ টা যুটীয়া দায়বদ্ধ গোটৰ লগতে এই গোটসমূহে সামৰি লোৱা ১,৫৫০ টা পৰিয়াললৈ সহযোগিতা আগবঢ়ায় । হিতাধিকাৰি সকলক তেওঁলোকৰ উদ্যোগীকৰণ প্ৰচেষ্টা আৰম্ভ কৰাত সহায় কৰাৰ অংশ স্বৰূপে আজি ১৫০ খন পাৱাৰ টিলাৰ ,১৫০ টা ৱাটাৰ পাপ্ম ,১৫০ টা স্প্ৰেয়াৰ মেচিন ,৭৫০ খন ফ্লাই শ্বটল হেণ্ডলুম চেট বিতৰণ কৰাৰ লগতে ৰিভলভিং ফাণ্ড হিচাপে ১৫ লাখ টকা ,৫,২৫০ কেজি সূতা ,১৫ খন এগ্ৰ’ প্ৰডাক্ট কেৰিয়াৰ , বায়’ফ্লক একুৱাকালচাৰৰ বাবে ২০টাকৈ টেংক বিতৰণ কৰে ।

‘ৰূপান্তৰ’ নামেৰে নামাংকৃত অইল ধ্বজ্জাধাৰী চি এছ আৰ প্ৰকল্পটো হৈছে এক বঁটা বিজয়ী জীৱিকা পদক্ষেপ , তৃণমূল পৰ্যায়লৈ গৈ সফলতাৰে উজনি অসম অসমস্থিত অইলৰ অপাৰেচনেল জিলাসমূহৰ স্থানীয় লোকসকলৰ বাবে অপৰিসীম সমাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে । ২০০৮ চনৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষলৈকে এই প্ৰকল্পৰ অধীনত অইলে ২৮,৭৮৫ টা পৰিয়ালক সামৰি লোৱা ৪,৬৭৬ টা আত্ম সহয়াক আৰু যুটিয়া দায়বদ্ধ গোটক চাচিডি প্ৰদান কৰাৰ লগতে অনান্য আৰ্থিক সহায় আৰু সামগ্ৰী প্ৰদান কৰি আহিছে ।

Leave A Reply