Breaking

ৰাণীত ৰাভা হাচংৰ উদ্যোগত প্ৰায় পাচ শতাধিক হিতাধিকাৰীক সামগ্ৰী বিতৰণ

0 1,281

মিৰ্জাৰ : ‘সম বিকাশ, সম উন্নয়ন, সম অধিকাৰ” এই লক্ষ্যৰে ৰাভা হাচং স্বায়ত্ব পৰিষদীয় অঞ্চলসমুহত পৰিষদে অব্যাহত ৰাখিছে উন্নয়নৰ ধাৰা। সামাজিক, অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক আদি সকলো দিশক সামৰি স্বায়ত্ব শাসিত পৰিষদে সমমৰ্য্যদাৰে সঠিক ৰূপত আগবঢ়াই নিবলৈ অহৰহ চেষ্টা কৰা কাৰ্যই এতিয়া সকলোৰে দৃষ্টি পৰিষদ খনৰ ওপৰত নিৱদ্ধ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে অংশস্বৰূপে ১৩ অক্টোবৰত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত ৩৬ নং পৰিষদীয় সমষ্টিৰ উদ্যোগত ১৮-১৯ বিত্তীয় বৰ্ষৰ আৰ্থিক অনুদানেৰে বিতৰন কৰা হয় বিভিন্ন সামগ্ৰী। ৰাণীৰ আন্ধেৰীজুলী স্থায়ী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে সমষ্টিটোৰ সাধাৰণ সদস্য সঞ্জয় কুমাৰ ৰাভা, ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ বিষয়ববীয়া ধৰ্মেশ্বৰ ৰাভা, জিতেন বাকছোক, মহিলা পৰিষদ, ষষ্ঠ অনুসুচী দাবী সমিতি, মনিটৰিং সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া থাকে। কৃষক, শিপিনী, ছাত্ৰ-ছাত্ৰী, খেলুৱৈ, দৰ্জী, দুখীয়া-দৰিদ্ৰ পৰিয়ালক সামৰি প্ৰায় পাচ শতাধিক হিতাধিকাৰিক চিলাই মেচিন, স্প্ৰে মেচিন, টিনপাট, পাম্প চেট, ভলীবল-নেট, প্লাষ্টিক শ্বেয়াৰ, কেৰোম বৰ্ড, কম্বল, আঠুৱা, বেডশ্বিট বিতৰন কৰা হয়। সামগ্ৰী বিতাৰণৰ অন্তত ৰাইজে ৰাণীত ৰাভা হাচং স্বায়ত্ব পৰিষদৰ এই প্ৰচেষ্টাৰ সলাগ লয় ৷

Leave A Reply