Breaking

দুৰ্গা পূজা উপলক্ষে ধুবুৰীত পেলনীয়া প্লাষ্টিকৰ বটলৰ বিনিময়ত নতুন কাপোৰ বিতৰন ৷

0 2,035

ধুবুৰীত শাৰদীয় দূৰ্গা পূজা উপলক্ষ্যে কল্পজোতি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা পেলোনিয়া প্লাষ্টিকৰ বটলৰ বিনিময়ত অতি দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ মানুহক কাপোৰ বস্ত্ৰ বিতৰণ কৰে।মাত্ৰ দুটা বা তিনিটা প্লাষ্টিকৰ বটলৰ বিনিময়ত প্ৰায় ৫০ জনতকৈ অধিক পুৰুষ মহিলা আৰু শিশু সকলৰ মাজত কাপোৰ বস্ত্ৰ বিতৰণ কৰে স্বেচ্ছাসেৱী সংগঠনটোৱে ৷বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্য সূচি হাতত লৈ কল্পজ্যোতি ফাউণ্ডেশ্যনটোৱে কাম কৰি আহিছে যদিওঁ শাৰদীয় দূৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত পথৰ কাষত পৰি থকা পেলোনিয়া  প্লাষ্টিকৰ বটল বৰ্জ্জন কৰিবৰ বাবে তিনিদিনীয়া কাৰ্য্যসূচী হাতত ল’য়।
কল্পজ্যোতি ফাউণ্ডেশ্যনে জানিবলৈ দিয়া মতে পূজাৰ সময়ত বিভিন্ন স্থানত ৰাস্তাৰ কাষত প্লাষ্টিকৰ বস্তু পৰি থকা দেখিবলৈ পোৱা যায়।
ধুবুৰীৰ সকলো ৰাইজক  ডাষ্টবিন ব্যাৱহাৰ কৰিবলৈ আহ্বান জনায় আৰু পৰিষ্কাৰ পৰিছিন্নতা বজাই ৰাখি প্ৰদূষণ মুক্ত অসম তথা ধুবুৰী গঢ়িবলৈ আহ্বান জনাই ৰাইজকো৷ 

Leave A Reply