Breaking

অন্যান্য পিছপৰা শ্ৰেণীৰ কৃষকক পাৱাৰ টিলাৰ বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

0 135

দৈনন্দিন বাৰ্তা সেৱাঃ পৰিয়াল অৰ্থকাৰী যোজনা আচঁনিৰ(FOIGS) অধীনত অনুসূচিত জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ হিতাধিকাৰী সকলৰ বাবে ৰাজসাহাৰ্য যুক্ত পাৱাৰটিলা অসম চৰকাৰৰ তৰফৰ পৰা বিতৰণ কৰা ব্যৱস্থা কৰা হৈছে।কৃষকৰ বাবে উপযোগী এনে অভিলাষী আচঁনিৰ অংশ স্বৰূপ আজি নগাঁও সদৰ সমষ্টিটো প্ৰায়  ৫৮ গৰাকী কৃষকক  খুটিকটীয়াস্হিত কৃষ্টি বিকাশ সমাজৰ প্ৰাঙ্গনত পাৱাৰটিলাৰ বিতৰণ কৰে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

খুটিকটীয়াস্হিত কৃষ্টি বিকাশ সমাজৰ প্ৰাঙ্গনত কৃষকসকলক পাৱাৰ টিলা বিতৰণ উপলক্ষে অনুষ্ঠিত মুকলি সভাখনত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই  কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ সপোন ২০২২  চনৰ ভিতৰত প্ৰত্যেক জন কৃষকৰ আয় দুগুণ হ‌ওক আৰু সেই সপোনক সাৰ্থক কৰাৰ উদ্দেশ্যেই অসমৰ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে কৃষক ৰাইজৰ সুবিধাৰ্থে বিভিন্ন কৃষি উপযোগী আচঁনিৰ লগতে পাৱাৰটিলা,টেক্টৰ বিতৰন কৰি আহিছে। পৰিয়াল অৰ্থকাৰী যোজনা আচঁনিৰ(FOIGS)  আচঁনিৰ অধীনত  কৃষকসকলক আজি নিজ হাতে ৰাজসাহাৰ্য যুক্ত পাৱাৰটিলা বিতৰণ কৰি যথেষ্ট সন্তোষ্টি লাভ কৰিছো। 

আমি আশা কৰিছো এই আচঁনিৰ জৰিয়তে  পাৱাৰটিলাৰ লাভ কৰা কৃষক সকল উপকৃত হব ।আজিৰ পাৱাৰটিলা বিতৰণ অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাৰ লগতে কাছমাৰী জিলা পৰিষদৰ সদস্য কাঞ্চন বৰদলৈ, খাগৰিজান উন্নয়ন খন্ডৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দিপাঞ্জলী কোঁৱৰ,সদৰ সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ সভাপতি সকলৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

Leave A Reply