Breaking

জামুগুৰিহাটত অসম ভিত্তিত অন লাইন সংগীত প্ৰতিযোগিতাৰ বঁটা বিতৰণ । একাঁজলি সুৰৰ সন্ধানৰ প্ৰশংসনীয় পদক্ষেপ

0 1,363

জামুগুৰিহাট : যোৱা মে’ মাহৰ পৰা অনুষ্ঠিত একাঁজলি সুৰৰ সন্ধানত অনলাইন সংগীত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি স্থান লাভ কৰা জামুগুৰিহাটৰ শ্ৰেষ্ঠ প্ৰতিযোগীসকলক ২৯ আগষ্টত জামুগুৰিহাটৰ শ্বহীদ ভৱনত বঁটা সমূহ প্ৰদান কৰা হয়। সেই উপলক্ষে অনুষ্ঠিত বঁটা বিতৰণী সভাখনত সঞ্চালকৰ আসন অলংকৃত কৰে যুৱ লেখক সাংবাদিক তথা অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক মিংকু কলিতাই। যুৱ সমাজকৰ্মী, শিক্ষক জিতু কুমাৰ নাথ আৰু কামিনী কাকতিয়ে আঁতধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে আসন লয় বিশিষ্ট সাংস্কৃতিক কৰ্মী বিশ্বনাথ চাৰিআলিৰ সোণমনি বৰা আৰু চতিয়াৰ জয়ন্ত নাথে। কণমানি অনসূয়া গায়নৰ বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক উপস্থিত থকা সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষয়িত্ৰী সেবিকা বৰা দাসে। উল্লেখযোগ্য যে সোণমনি বৰা আৰু জয়ন্ত নাথৰ পৰিচালনাত ‘একাঁজলি সুৰৰ সন্ধান’ নামৰ সামাজিক মাধ্যমৰ পেজটোৰ জৰিয়তে অসম ভিত্তিত বৰগীত, লোকগীত, বিহু, ভূপেন্দ্র সংগীত, জয়ন্ত হাজৰিকা, দিপালী বৰঠাকুৰৰ গীতৰ পৰা জুবিন, পাপন, নীল আকাশৰ গীতলৈকে মুঠ ৩৫ টা বিভাগত প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসমৰ বিশিষ্ট শিল্পীসকলৰ দ্বাৰা নিৰ্বাচিত শ্ৰেষ্ঠ প্ৰতিযোগীসকলক কেন্দ্র ভিত্তিত পুৰস্কাৰ সমূহ বিতৰণ কৰা হৈছে। গীত -মাতেৰে সজোৱা আজিৰ অনুষ্ঠানটো গীতেৰে সজীৱ কৰি তোলে ক্ৰমে সংস্কৃতি প্ৰিয়া কাশ্যপ, বিশালতা নন্দা ৰাজবংশী, কামিনী কাকতি, কংকনা কাকতি, বৈশালী দেৱী, ধ্ৰুৱজ্যোতি শইকীয়া, জ্যোতিমালা বৰদলৈ, ঝৰ্ণা ভড়ালী, ধীৰাজ বৰা, ৰক্তিম বৰা, আৰু বিশিষ্ট শিল্পী পূৰ্ণ নাথে। ঠিক সেইদৰে কবিতাৰে অনুষ্ঠানটো সজাই তোলে অনুৰাগ গায়ন, সেৱিকা বৰা দাস, জিতু কুমাৰ নাথে। অনুষ্ঠানটিত মুখ্য বক্তাসকলৰ উপৰিও বিশিষ্ট সমাজকৰ্মী জগত শইকীয়া, মিন্টু নাথ আৰু যুৱ সমাজকৰ্মী সংগ্ৰাম ৰতন ৰাজবংশীয়ে প্ৰতিযোগীসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। এক গাম্ভীর্যপূৰ্ণ পৰিবেশত সম্পূৰ্ণ চৰকাৰী নীতি নিয়ম মানি অনুষ্ঠিত হোৱা সভাখনত শলাগৰ শৰাই আগবঢ়াই জ্যোতিমালা শৰ্মা বৰদলৈ। অনুষ্ঠানটি সফল ৰূপায়নত সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰে উদ্যোক্তাসকলে।

Leave A Reply